নগাঁও, 16 মেঃ নগাঁওৰ চামগুৰিত উদ্ধাৰ হয় এটি বন্যহস্তীৰ মৃতদেহ ৷ বৃহস্পতিবাৰে জিলাখনৰ চামগুৰিৰ উদমাৰী ঢোলপাহাৰত উদ্ধাৰ হয় হাতীটোৰ মৃতদেহ ৷
নগাওঁ কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলত ব্যাপক হাৰত পাহাৰ খনন আৰু শিলৰ কুৱেৰীয়ে এইদৰে বিপদ মাতিছে বনৰীয়া জীৱকুললৈ ৷ খাদ্যৰ সন্ধানত নামনিলৈ নামি অহা বৃহৎ বৃহৎ হাতীৰ জাকে এতিয়া এইদৰে মৃত্যুক সাৱতি ল'ব লগা হৈছে ৷ স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, খাদ্যত বিষক্ৰিয়াৰ ফলতেই হাতীটোৱে এইদৰে মৃত্যুক সাৱতি লৈছে ৷ ইতিমধ্যে বন বিভাগৰ লোকে আহি হাতীটোৰ অন্তিম সংস্কাৰ সম্পন্ন কৰিছে ৷