ETV Bharat / state

বুঢ়াপাহাৰত উদ্ধাৰ সলিল সমাধি ঘটা ব‍্যক্তিৰ মৃতদেহ

স্থানীয় লোকৰ লগতে এছ ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছিল যদিও সোমবাৰে বিয়লিহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় লোকজনৰ মৃতদেহ ৷

বুঢ়াপাহাৰত উদ্ধাৰ সলিল সমাধি ঘটা ব‍্যক্তিৰ মৃতদেহ
author img

By

Published : Jul 16, 2019, 8:01 AM IST

কলিয়াবৰ, 16 জুলাই: সলিল সমাধি ঘটা ব‍্যক্তিৰ মৃতদেহ উদ্ধাৰ বুঢ়াপাহাৰত ৷ দেওবাৰে এটা ডুবাত পৰি মৃত্যু হোৱা লোকজনৰ সন্ধানত স্থানীয় লোকৰ লগতে এছ ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছিল যদিও সোমবাৰে বিয়লিহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় লোকজনৰ মৃতদেহ ৷ ইতিমধ‍্যে চৰকাৰে মৃতকৰ পৰিয়াললৈ চাৰি লাখ টকাৰ সাহায‍্য প্ৰদানৰ কথা ঘোষণা কৰিছে অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তয়ে । উল্লেখ্য যে, তিনিজন সহযোগীসহ বাগিচাৰে এগৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰি উভতি অহা অৱস্থাতে ঘৰৰ সমীপৰ এটা ডোবাত সোমাই দেওবাৰে কৰুণ মৃত্যুক সাৱটি লয় কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাৰ বৰ লাইনৰ জীতেন মাঝি নামৰ ৩০ বছৰীয়া লোকজনে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমান্তৰালভাৱে বুঢ়াপাহাৰ চাহ বাগিছাতো বিভিষিকাৰ সৃষ্টি কৰিছে বানে ৷ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা মাত্ৰ ৩০ মিটাৰ দূৰত্বতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

Intro:সলিল সমাধি ঘটা ব‍্যক্তিৰ মৃতদেহ উদ্ধাৰ

কালি বুঢ়াপাহাৰত এটা ডুবাত পৰিছিল জীতেন মাঝিBody:চৌপাশে বানৰ বিভিষিকাৰ মাজতে কালি কলিয়াবৰত সলিল সমাধি ঘটে এজন লোকৰ৷ কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাৰ বৰ লাইনৰ জীতেন মাঝি নামৰ ৩০ বছৰীয়া লোকজনে তিনিজন সহযোগীসহ বাগিচাৰে এগৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰি উভতি অহা অৱস্থাতে ঘৰৰ সমীপৰ এটা ডোবাত সোমাই কৰুণ মৃত্যুক সাৱটি লয়৷ দেওবাৰে দিনৰ প্ৰায় দুই বজাই এজন লোখৰ মৃতদেহ মৃতদেহ সৎকাৰ কৰি উভতি আহি ঘৰলৈ বুলি সাতুৰি এটি ডোবা পাৰ হোৱা অৱস্থাতে পানীত ডুব গৈ কৰুণ মৃত্যুক সাৱটি লয় লোকজনে৷ উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমান্তৰালভাৱে বুঢ়াপাহাৰ চাহ বাগিছাতো বান সোমাই বিভিষিকাৰ সৃষ্টি কৰিছে৷ ফলত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা মাত্ৰ ৩০ মিটাৰ দূৰত্বতে সংঘটিত হয় ঘটনাটো৷ ইফালে লোকজনৰ সন্ধানত স্থানীয় লোকৰ লগতে এছ ডি আৰ এফ বাহিনীয়েও অভিযান অব্যাহত ৰাখিছিল যদিও আজি বিয়লিহে উদ্ধাৰ হয় লোকজনৰ মৃতদেহটো৷ ইতিমধ‍্যে চৰকাৰে মৃতকৰ পৰিয়াললৈ চাৰি লাখ টকাৰ সাহায‍্য প্ৰদানৰ কথা জল সম্পদ মন্ত্ৰীয়ে ঘোষণা কৰিছে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.