নগাঁও,14 ফেব্ৰুৱাৰী: শনিবাৰে নিশা নগাঁও চহৰৰ মাজমজিয়াত উদ্ধাৰ হয় এগৰাকী মানসিক বিকাৰগ্রস্ত লোকৰ মৃতদেহ । নগাঁও চহৰৰ মৰিগাঁও বাছ আস্থানৰ সমীপৰ পদপথত উদ্ধাৰ হয় মৃতদেহটো । স্থানীয় লোকে প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
অৱশ্যে কেনেকৈ, কেতিয়া লোকজনৰ মৃত্যু হৈছে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ স্থানীয় লোকে এয়া স্বাভাৱিক মৃত্যু বুলিয়েই সন্দেহ প্ৰকাশ কৰিছে ৷ সম্প্ৰতি আৰক্ষীয়ে ব্যক্তিগৰাকীৰ মৃত্যু সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: কলিয়াবৰত একেটা দিনতে দুটাকৈ পথ দুৰ্ঘটনা