ৰূপহীহাট, 14 এপ্ৰিল : ৰূপহীহাটৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত মাহেৰিপাৰৰ সদ্য বিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে মাহেৰিপাৰৰ জিন্নাত আলী নামৰ 75 বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক জনৰ লগত খাটোৱালৰ 25 বছৰীয়া এগৰাকী যুৱতী বিবাহ পাশত আৱদ্ধ হৈছিল দুদিন পূৰ্বে ।
চাৰি সন্তানৰ পিতৃ বৃদ্ধ জিন্নাত আলীৰ লগত বিয়া হোৱাৰ দুদিন পাচতে স্বামী গৃহৰ পিছফালে থকা এডাল গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় মহিলা গৰাকীৰ মৃতদেহ ৷ উল্লেখ্য যে, মহিলা গৰাকীয়ে আত্মহত্যা কৰিলে নে হত্যাৰ বলি হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।
ইফালে, এই ঘটনাৰ সন্দৰ্ভত জুৰীয়া আৰক্ষী থানাত মৃত বোৱাৰী গৰাকীৰ পৰিয়ালে জিন্নাত আলী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । জুৰীয়া আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক: বিহু উপলক্ষে সাজু বজালীৰ বাঘমাৰাৰ দৈ