নগাঁও, 15 নৱেম্বৰঃ সাংবাদিকসকলৰ জীৱন, আৰ্থিক আৰু সামাজিক নিৰাপত্তাৰ দাবীত বুধবাৰে পুৱাৰ পৰা আৰম্ভ কৰা সাংবাদিক স্নেহাংকৰ চাইকেল ৰেলীয়ে বৃহস্পতিবাৰে দ্বিতীয় দিন পাৰ কৰিলে । গুৱাহাটীৰ পৰা আহি ৰহাত বুধবাৰে নিশাটো কটোৱাৰ পাচত বৃহস্পতিবাৰে বিয়লি তিনি বজাত কলিয়াবৰত উপস্থিত হয় স্নেহাংকৰ । কলিয়াবৰত উপস্থিত হোৱা পাচতে কলিয়াবৰ প্ৰেছ ক্লাৱৰ সদস্যসকলে স্নেহাংকৰক আদৰণি জনোৱৰ লগতে এক মহান চিন্তা আগত ৰাখি আৰম্ভ কৰা এই চাইকেল যাত্ৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।
আনহাতে, কলিয়াবৰৰ সাংবাদিকসকলৰ লগত হোৱা মত-বিনিময়ৰ সময়ত সাংবাদিকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে তথা সজাগ কৰাৰ লক্ষ্যৰে স্নেহাংকৰে এই চাইকেল ৰেলী আৰম্ভ কৰে বুলি মন্তব্য কৰে । নিম্নতম দৰমহা, জীৱনৰ নিৰাপত্তা আদি গুৰুত্বপূৰ্ণ বিষয়সমূহত মালিক গোষ্ঠীয়ে আওকাণ কৰাৰ ফলত সাংবাদিকৰ সমস্যা সমস্যা হৈয়ে ৰৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সাংবাদিকগৰাকীয়ে ।
সাংবাদিকক কেৱল বাতৰি যোগনধৰোতা বুলি কৰা বিবেচনাৰ ফলস্বৰূপে বহুকেইজন সাংবাদিকে কৰ্মৰত অৱস্থাতে জীৱন হেৰুৱাব লগা হৈছে । সেই মৃত সংবাদকৰ্মীসকলৰ পৰিয়ালে আজিলৈকে ন্যায় নাপালে বুলিও আক্ষেপ প্ৰকাশ কৰে চাইকেলিষ্ট সাংবাদিকজনে । সতীৰ্থ সাংবাদিকসকলে যাতে নিজৰ প্ৰয়োজনীয় সা-সুবিধা সমূহ লাভ কৰিব পাৰে তাৰ বাবে সকলোৱে মাৰ বান্ধি ঠিয় হোৱাতো প্ৰয়োজন । এই যাত্ৰাৰ সময়ত বিভিন্ন স্থানৰ সমাজ সচেতন ব্যক্তি তথা সাংবাদিকসকলে দেখুওৱা আন্তৰিকতাৰ বাবে কলিয়াবৰ এৰাৰ আগতে সকলোকে ধন্যবাদ জনাই স্নেহাংকৰে ।