নগাঁও,৯ ছেপ্টেম্বৰ : নগাঁৱৰ কাতিমাৰীস্থিত ৩৪ নং চিআৰপিএফ কেম্পত দুই জোৱানৰ মাজত সংঘটিত হৈছিল ভয়ংকৰ সংঘৰ্ষ । এই ঘটনাত গুলীত আঘাতপ্ৰাপ্ত হৈছিল যোৰহাটৰ এগৰাকী জোৱান । আনহাতে জোৱানজনক গুলীওৱাৰ পাছতে আত্মহত্যা কৰিছিল আক্ৰমণকাৰী জোৱানজনে ।
ঘটনা সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত আছিল । কি কাৰণত দুয়োগৰাকী জোৱানৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল তাক লৈ চাঞ্চল্যই বিৰাজ কৰি থকাৰ সময়তে কেমেৰাৰ সন্মুখত মুখ খুলিছে আহত চিআৰপিএফ জোৱানজনে । বিজয় মিশ্ৰ নামৰ এজন বহি:ৰাজ্যৰ জোৱানে সতীৰ্থ জোৱান প্ৰাঞ্জল দত্তক গুলীয়াই আহত কৰাৰ পিছত নিজৰ ইনাচাৰ্জ ৰাইফালেৰে গুলীয়াই আত্মহত্যা কৰা ঘটনাৰ কাৰণ ব্যক্ত কৰিলে আহত জোৱান প্ৰাঞ্জল দত্তই ।
ইনচাৰ্জ ৰাইফলৰ মেগজিন জমা দিয়াৰ পূৰ্বে মেগজিনৰ হিচাপ মিলাব পৰা নাছিল বুলি মন্তব্য কৰিছে আহত চিআৰপিএফ জোৱান প্ৰাঞ্জল দত্তই । তেনে সময়তে হঠাৎ বিজয় মিশ্ৰই প্ৰাঞ্জল দত্তক লক্ষ্য কৰি ইনচাৰ্জ ৰাইফলেৰে গুলীয়াবলৈ প্ৰস্তুত হোৱাৰ সময়তেই বাধা দিয়াৰ চেষ্টা কৰে প্ৰাঞ্জল দত্তই ।
কিন্তু উপৰ্যুপৰি কেইবাজাই গুলী চলোৱাত ভৰিত গুলীয়ে আঘাত কৰে প্ৰাঞ্জল দত্তৰ । লগে লগে প্ৰাণৰক্ষা কৰি পলায়ন কৰিবলৈ সক্ষম হয় প্ৰাঞ্জল দত্ত । তাৰ পিছতে নিজ শৰীৰত গুলীয়াই আত্মহত্যা কৰে বিজয় মিশ্র নামৰ জোৱানজনে ।
লগতে পঢ়ক :নগাঁৱত সতীৰ্থক গুলীয়াই পাছত আত্মহত্যা CRPF জোৱানৰ