ETV Bharat / state

বানৰ দুৰ্গন্ধময় পানী সেৱন কৰিছে কামপুৰৰ বন্যাৰ্তই - কামপুৰৰ বান

বানৰ পৰিমাণ কমিলেও এতিয়াও দুৰ্ভোগ ভুগি আছে কামপুৰৰ বানাক্ৰান্তসকলে ৷ দমকলসমূহ বানত বুৰ যোৱাত বানাক্ৰান্ত অঞ্চলত পাবলৈ নাই বিশুদ্ধ খোৱাপানী, যাৰ ফলত বানৰ লেতেৰা দুৰ্গন্ধময় পানী সেৱন কৰিবলগাত পৰিছে দুৰ্ভগীয়া বন্যাৰ্তসকলে ।

Critical condition in between flood affected people at Kampur
বানৰ দুৰ্গন্ধময় পানী শেৱন কৰিছে কামপুৰৰ বন্যাৰ্তই
author img

By

Published : Jul 27, 2020, 1:13 PM IST

বঢ়মপুৰ, 27 জুলাই : কপিলী আৰু বৰপানী নৈৰ বান সামান্য পৰিমাণে হ্ৰাস পাইছে যদিও কামপুৰৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত অৱস্থাত আছে । দুৰ্যোগ আঁতৰা নাই বন্যাৰ্তসকলৰ মাজত ।

একেলেঠাৰিয়ে চাৰিবাৰকৈ অহা কপিলী আৰু বৰপানী নৈৰ বানে চৰম বিপৰ্যয় নমাই আনিছে ৰহা সমষ্টিৰ প্ৰায় 50 খনৰো অধিক গাঁৱলৈ ৷ নেলিপাৰ আৰু চিউগুৰিকে ধৰি বহু অঞ্চলত এতিয়াও ঘৰৰ মুধচলৈকে পানী । উপায়হীন হৈ একাংশ বানাক্ৰান্তই প্ৰায় এমাহ ধৰি মথাউৰিত আশ্ৰয় ল'বলৈ বাধ্য হৈছে ।

বানৰ দুৰ্গন্ধময় পানী শেৱন কৰিছে কামপুৰৰ বন্যাৰ্তই

ইফালে চৰকাৰৰ পৰা বন্যাৰ্তসকলে খাদ্য সামগ্ৰী লাভ কৰিছে যদিও খোৱাপানীৰ অভাৱে তীব্ৰ সমস্যাত পেলাইছে বানাক্ৰান্তসকলক। দমকলসমূহ বানত বুৰ যোৱাত বানাক্ৰান্ত অঞ্চলত পাবলৈ নাই বিশুদ্ধ খোৱাপানী । সেয়েহে বানৰ লেতেৰা দুৰ্গন্ধময় পানী খাবলগীয়াত পৰিছে দুৰ্ভগীয়া বন্যাৰ্তসকলে ।

এই দুৰ্যোগৰ সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগে বানপীড়িত অঞ্চলত খোৱাপানীৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে । লগতে, বানাক্ৰান্ত অঞ্চলত স্বাস্থ্য বিভাগৰ কোনো ব্যক্তি উপস্থিত হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক : উত্তৰ প্ৰদেশত একেটা পৰিয়ালৰ তিনিগৰাকীক গুলীয়াই হত্যা, এজন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.