ETV Bharat / state

নগাঁৱৰ লাওখোৱাত সাহাৰ্য্যৰ বাবে বানাক্ৰান্তৰ হাহাকাৰ - বান সাহাৰ্য্য

তীব্ৰ খাদ্য সংকটত মানুহ, পশুধন । পশুখাদ্য বিতৰণস্থলীৰ পৰা খালী মোনা লৈ উভতিল একাংশ । পশুখাদ্য বিতৰণ কৰা স্থানতে ক্ষোভ উজাৰিলে একাংশ মহিলাই ।

নগাঁৱৰ লাওখোৱাত সাহাৰ্য্যৰ বাবে বানাক্ৰান্তৰ হাহাকাৰ
author img

By

Published : Jul 16, 2019, 2:49 PM IST

নগাঁও, ১৬ জুলাই:ক্ষোভত ফাটিছে এতিয়া নগাঁৱৰ লাওখোৱাৰ বানাক্ৰান্ত । বানৰ কৱলত পৰি মথাউৰিৰ ওপৰতে গৰু ছাগলীৰ সৈতে আশ্ৰয় গ্ৰহণ কৰি আছে চাৰি শতাধিক পৰিয়ালে । বানৰ প্ৰভাৱত বানাক্ৰান্ত সকলে তীব্ৰ খাদ্য সংকটত ভোগাৰ সময়ত প্ৰশাসনে বান সাহাৰ্য্যৰ যোগান ধৰিছে যদিও সেয়া পর্যাপ্ত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

লাওখোৱাৰ ভুৰবন্ধাৰ মথাউৰিৰ ওপৰত গৰু ছাগলীৰ খাদ্য বিতৰণস্থলীত একপ্ৰকাৰৰ উত্তেজনাৰ সৃষ্টি হয় । স্থানীয় গাঁওবুঢ়াৰ নেতৃত্বত বান সাহাৰ্য্য বিতৰণ হৈ থকা সময়তে একাংশ মহিলাই সাহাৰ্য্য নাপায় ক্ষোভ উজাৰে । আনহাতে বান আৰু গৰাখহনীয়াই জুৰুলা কৰা এগৰাকী মহিলাৰ একমাত্ৰ পুত্ৰ সন্তানে আধাতে শিক্ষা জীৱন সামৰি শ্ৰমিক হিচাপে কেৰালাত গৈ নিয়োজিত হৈছে । পৰিয়ালটোৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি এতিয়া চকুলো টুকিছে মহিলাগৰাকীয়ে ।

Intro:লাওখোৱাত সাহাৰ্য্যৰ বাবে বানাক্ৰান্তৰ হাহাকাৰ। তীব্ৰ খাদ্য সংকটত মানুহ, পশুধন। পশুখাদ্য বিতৰণস্থলীৰ পৰা খালী মোনা লৈ উভতিল একাংশ। পশুখাদ্য বিতৰণ কৰা স্থানতে ক্ষোভ উজাৰিলে একাংশ মহিলাই।

Body:ক্ষোভত ফাটিছে এতিয়া নগাঁৱৰ লাওখোৱাৰ বানাক্ৰান্ত। মথাউৰিৰ ওপৰত গৰু ছাগলীৰ সৈতে আশ্ৰয় চাৰি শতাধিক পৰিয়ালৰ। তীব্ৰ খাদ্য সংকটত ভোগাৰ সময়ত প্ৰশাসনে বান সাহাৰ্য্যৰ যোগান ধৰিছে যদিও সেয়া পর্যপ্ত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। লাওখোৱাৰ ভুৰবন্ধাৰ মথাউৰিৰ ওপৰত গৰু ছাগলীৰ খাদ্য বিতৰণস্থলীত সৃষ্টি হয় একপ্ৰকাৰৰ উত্তেজনাৰ। স্থানীয় গাওঁবুঢ়াৰ নেতৃত্বত বিতৰণ হৈ থকা সময়তে একাংশ মহিলাই সাহাৰ্য্য নাপাই উজাৰিলে ক্ষোভ। তীব্ৰ সংকটৰ সন্মুখীন এতিয়া ভুৰবন্ধাৰ বানাক্ৰান্ত। সাহাৰ্য্য নাপাই হাতে হাতে খালী মোনা লৈ উভতিল বহু মহিলা। বান গৰাখহনীয়ই জুৰুলা কৰা এইগৰাকী মহিলাৰ একমাত্ৰ পুত্ৰ সন্তানে আধাতে শিক্ষা জীৱন সামৰি কেৰেলাত গৈ নিয়োজিত হৈছে শ্ৰমিক হিচাপে। পৰিয়ালটোৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি এতিয়া চকুলো টুকিছে মহিলাগৰাকীয়ে।
bite.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.