ETV Bharat / state

অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে বটদ্ৰৱা অঞ্চল!

author img

By

Published : Aug 20, 2019, 11:52 PM IST

নগাঁও জিলাৰ বটদ্ৰৱাত ব্যাপক হাৰত বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ ৷ মঙলবাৰে বটদ্ৰৱা থানাৰ সন্মুখৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাসহ সংখ্যালঘু গণতান্ত্ৰিক ফেডাৰেশ্বনে আটক কৰিলে এজন গাঞ্জা ব্যৱসায়ীক ৷

অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে বটদ্ৰৱা অঞ্চল

বটদ্ৰৱা, 20 আগষ্ট: নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অধীনৰ অঞ্চলসমূহ ক্ৰমাৎ পৰিণত হৈছে অপৰাধীৰ ৰম্য ভূমিলৈ ৷ দিন দুপৰতে আৰক্ষীৰ নীৰৱতাৰ সুযোগলৈ আৰক্ষীৰ সন্মুখতে অপৰাধীয়ে সংঘটিত কৰিছে ইটোৰ পিছত সিটো বে-আইনী কাম ৷ বটদ্ৰৱা আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি এতিয়া আৰক্ষীৰ সন্মুখতে দিন দুপৰতে অসাধু ব্যৱসায়ীয়ে অঞ্চলটোত চলাই আহিছে ভাং তথা অন্যান নিচাযুক্ত সামগ্ৰীৰ মুকলি বেহা ৷ অৱশেষত মঙলবাৰে দিনৰ সময়ত থানাৰ সন্মুখৰ পৰাই সংখ্যালঘু গণতান্ত্ৰিক ফেডাৰেশ্বনৰ নেতাসকলে বৃহৎ পৰিমাণৰ গাঞ্জাসহ আব্দুল মতিন নামৰ ব্যৱসায়ীক আটক কৰি বটদ্ৰৱা আৰক্ষীক গটাই দিয়ে ৷ ইফালে সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেশ্বনৰ সম্পাদকক ধনেৰে মেনেজ কৰিবলৈ আহি সংগঠনটোৰ সদস্যসকলৰ আগত হাতে লোটে ধৰা পৰিল ছুলতান আলী নামৰ এটা জুৱাৰী ৷

এতিয়া প্ৰশ্ন হয় বটদ্ৰৱা আৰক্ষী থানাৰ নিচেই কাষতে চলি থকা অবাধ ভাং,জুৱা আদিৰ প্ৰচলন কৰিবলৈ কোনো অনুমতি প্ৰদান কৰিছে অপৰাধীক? কিয় এইসকল অপৰাধীৰ বিৰূদ্ধে একো এটা পদক্ষেপ ল'বলৈ সাহস কৰা নাই বটদ্ৰৱা আৰক্ষীয়ে? ইয়াকে লৈ এতিয়া বৃহত্তৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

ৰাইজে আটক কৰিলে গাঞ্জা ব্যৱসায়ী

Intro:বটদ্ৰৱা আৰক্ষীৰ সন্মুখতে সংখ্যালঘু গণতান্ত্ৰিক ফেডাৰেশ্বনে বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক কৰিলে ব্যৱসায়ীক । সংগঠনৰ নেতাক ধন দিবলৈ গৈ আৰক্ষীৰ জালত জুৱাৰী ।Body:নগাঁৱ জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন অঞ্চলসমূহ ক্ৰমাত পৰিণত হৈছে অপৰাধীৰ ৰম্যভুমিলৈ। দিন দুপৰতে আৰক্ষীৰ সন্মুখতে অপৰাধীয়ে কৰিছে ইটোৰৰ পিছত সিটো বে আইনী কাম । কিন্তু নিৰৱ বটদ্ৰৱা আৰক্ষী । হয়, বটদ্ৰৱা আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি আৰক্ষীৰ সন্মুখতে দিন দুপৰতে অসাধু ব্যৱসায়ীয়ে চলাইগৈচে ভাং ,গাজ্ঞাৰ ৰমৰমীয়া ব্যৱসায় । ঘটনাৰ স্থান বটদ্ৰৱা আৰক্ষী থানাৰ পৰা এক কিলোমিটাৰ নিলগৰ শান্তিযান বজাৰ। বজাৰত দীৰ্ঘদিন ধৰি আৰক্ষীক মেনেজ কৰি বটদ্ৰৱাত মুকলিকৈ বিক্ৰীৰ কৰি আহিছে অসাধু ব্যৱসায়ীয়ে নিচাযুক্ত সামগ্রী । অৱশেষত বটদ্ৰৱা আৰক্ষীৰ সন্মুখৰ পৰাই সংখ্যালঘু গণতান্ত্ৰিক ফেডাৰেশ্বনৰ নেতা সকলে বৃহৎ পৰিমাণৰ গাঞ্জা সহ আব্দুল মতিন নামৰ ব্যৱসায়ীক আটক কৰি গতাই দিয়ে বটদ্ৰৱা আৰক্ষীক । ইফালে সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেশ্বনৰ সম্পাদকক এটা দুধৰ্ষ জুৱাৰী ছুলতান আলীয়ে ধনৰ বন্দোবস্তী কৰিবলৈ গৈ হাতে লুটে টকা সহ আটক কৰি চমজালে আৰক্ষীক । এতিয়া প্ৰশ্ন হয় বটদ্ৰৱা আৰক্ষী থানাৰ নিচেই কাষতে চলি থকা অবাধ ভাং ,জুৱা ড্ৰাগছৰ দৰে মাৰাত্মক নিচাযুক্ত দ্রব্যৰ মুকলিকৈ চলাবলৈ আৰক্ষীয়ে দিছে নেকি অনুমতি? যদি আৰক্ষীয়ে অনুমতি অবিহনেই চলিছে কিয় অসাধু ব্যৱসায়ীক আটক কৰিবলৈ সাহস গোটাব নোৱাৰে বটদ্ৰৱা আৰক্ষীয়ে ? যাক সমগ্ৰ নগাঁৱতে সৃষ্টি হৈছে কৰিছে তীব্র প্রতিক্রিয়াৰ ।লগতে এই বে আইনী কামত জৰিত থকা লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি অতিশীঘ্ৰে কৰায়ক্ত কৰিবলৈ বটদ্ৰৱা আৰক্ষীক দাবী জনাই ।___________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰাৰ ৰিপ'ৰ্ট ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.