ETV Bharat / state

কৃষি আইন বাতিলৰ দাবীত নগাঁৱত প্ৰতিবাদ

author img

By

Published : Jan 30, 2021, 10:28 PM IST

দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইনৰ বিৰুদ্ধে শনিবাৰে নগাঁৱ জিলাত প্ৰতিবাদ সাব্যস্ত কৰে বাওঁপন্থী দলসমূহে ।

কৃষি আইন বাতিলৰ দাবীত নগাঁৱত প্ৰতিবাদ
কৃষি আইন বাতিলৰ দাবীত নগাঁৱত প্ৰতিবাদ

নগাঁও , ৩০ জানুৱাৰী : সমগ্ৰ ৰাজ্য়ৰ লগতে নগাঁৱতো মহাত্মা গান্ধীৰ মৃত্য়ু দিৱসৰ লগত সংগতি ৰাখি শ্বহীদ দিৱস পালন কৰা হয় । লগতে দেশৰ ভিন্ন প্ৰান্তৰ দৰে এই বিশেষ দিনটোত কৃষক আন্দোলনৰ সমৰ্থন জনোৱা হয় । দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইনৰ বিৰুদ্ধে শনিবাৰে নগাঁৱ জিলাত প্ৰতিবাদ সাব্যস্ত কৰে বাওঁপন্থী দলসমূহে । চি পি এম, চি পি আই এম এল, এছ এফ আইৰ উদ্যোগত নগাঁও মহাবিদ্যালয় চ'কত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্য্যসূচী।

কৃষি আইন বাতিলৰ দাবীত নগাঁৱত প্ৰতিবাদ

চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে দল-সংগঠনসমূহে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। কেন্দ্ৰীয় চৰকাৰে কৰ'ণা মহামাৰীৰ গইনা লৈ গোপনে তিনিখনকৈ কৃষক বিৰোধী আইন প্ৰণয়ন কৰি কৃষি ব্যৱস্থাটোও পুঁজিপতিৰ হাতত গতাই দিয়াৰ চক্ৰান্ত কৰা বুলি অভিযোগ উত্থাপন কৰে চি পি আই নেতা অমৰেন্দ্ৰ শৰ্মাই । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তিনিখনকৈ কৃষি আইন বাতিলৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক :আধাৰ কাৰ্ড বনোৱা কৰ্মচাৰীৰ কৰ্মকাণ্ডক লৈ ক্ষুভিত ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.