ETV Bharat / state

ৰূপহীহাটৰ পাঞ্জাৱ নেচনেল বেংকত ভংগ ক’ভিড নীতি

author img

By

Published : May 26, 2021, 11:02 AM IST

Updated : May 26, 2021, 12:47 PM IST

চৰকাৰী নীতি-নিৰ্দেশনা অমান্য কৰি ভিৰ কৰিছে ৰূপহীহাটৰ পাঞ্জাৱ নেচনেল বেংকত ৷ বেংকৰ কৰ্মচাৰীৰ কোনো কাণসাৰ নিদিয়াৰ অভিযোগ একাংশৰ ৷

covid protocol Violation at PNB rupohihat
চৰকাৰী নীতি-নিৰ্দেশনা অমান্য কৰি ৰূপহীহাটৰ বেংকত গ্ৰাহকৰ ভিৰ

ৰূপহীহাট, 26 মে’ : ৰূপহীহাটৰ পাঞ্জাৱ নেচনেল বেংকত কৰ্মচাৰীয়ে চৰকাৰী নীতি-নিৰ্দেশনাক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ একাংশ গ্ৰাহকৰ ৷ বেংকটোৰ পৰা গ্ৰাহকসকলে টকা উলিয়াবৰ বাবেই কোনো নীতি-নিয়ম নামানি তথা সামাজিক দূৰত্ব বৰ্তাই নাৰাখি ধন উলিয়াবলৈ দীঘলীয়া শাৰী পতা পৰিলক্ষিত হয় ৷

কোনোবা সময়ত আৰক্ষী আহি এই বিষয়ত সজাগ কৰিলে সেই সময়ত অকণমান গ্ৰাহকৰ ভিৰ পাতলীয়া হয় যদিও আৰক্ষী যোৱাৰ পাচতেই আকৌ সেই আগৰদৰেই ভিৰ কৰে গ্ৰাহকে ৷ আনহাতে, এনে ক্ষেত্ৰত চৰকাৰী নীতি নিৰ্দেশনাক কোনো গুৰুত্ব নিদি, সামাজিক দুৰত্ব মানি নচলি গাতে গা লগাই গ্ৰাহকে শাৰী পাতিলেও বেংক কৰ্মচাৰীয়ে এষাৰো মাত নমতাকৈ থকাত জাঙুৰ খাই পৰিছে ৰূপহীহাটৰ একাংশ সচেতন লোক ৷
লগতে পঢ়ক : নতুন ক’ভিড নীতিয়ে জুৰুলা কৰিছে ৰাজ্যৰ শ্ৰমিক সকলক

Last Updated : May 26, 2021, 12:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.