ETV Bharat / state

কলিয়াবৰত ধোঁৱাচাঙত প্ৰশাসনৰ নীতি-নিৰ্দেশনা - কলিয়াবৰ ক’ভিড 19

কলিয়াবৰত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ কলিয়াবৰত এইপৰ্যন্ত কৰ'ণা আক্ৰান্তই ৫০০ৰ ঘৰ অতিক্ৰম কৰিলে ৷ কিন্তু এতিয়াও ধোঁৱাচাঙত প্ৰশাসনৰ নীতি-নিৰ্দেশনা ৷

covid-protocol-violation-at-kaliabor
কলিয়াবৰত ধোঁৱাচাঙত প্ৰশাসনৰ নীতি-নিৰ্দেশনা
author img

By

Published : May 19, 2021, 5:53 PM IST

কলিয়াবৰ, 19মে': যিসময়ত কৰ’ণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰি মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলিছে তেনে এক পৰিস্থিতিত ৰাজ্যখনৰ একাংশ লোকে ক’ভিড মহামাৰীক গুৰুত্বসহকাৰে নোলোৱাতো এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ ৰাজ্যত অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ গণসংক্ৰমণ ৷ বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ সমান্তৰাভাৱে নগাঁও জিলাৰ কলিয়াবৰত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক’ভিড-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷

কলিয়াবৰত ধোঁৱাচাঙত প্ৰশাসনৰ নীতি-নিৰ্দেশনা

কৰ'ণা আক্ৰান্তৰ সংখ্যা এইপৰ্যন্ত কলিয়াবৰত ৫০০ ৰ ঘৰ অতিক্ৰম কৰিলে ৷ এনে ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জাৰি কৰিছে কঠোৰ ক’ভিড নীতি-নিৰ্দেশনা ৷ কিন্তু কলিয়াবৰত ধোঁৱাচাঙত উঠিল চৰকাৰ তথা প্ৰশাসনৰ জাৰি কৰা নীতি নিৰ্দেশনা ৷ বুধবাৰে কলিয়াবৰৰ অসম গ্ৰামীণ বিকাশ বেংকত গ্ৰাহকৰ মাজত দেখা গল যথেষ্ট ভিৰ ৷ নাছিল কোনো সামাজিক দূৰত্ব ৷ অসম গ্ৰামীন বিকাশ বেংকৰ কুঁৱৰীটোলৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা টকা উলিয়াবলৈ আহি কেন্দ্ৰটোৰ সন্মুখত ভিৰ কৰেহি যথেষ্ট গ্ৰাহকে ।

কৰ'ণাৰ এনে ভয়াৱহ সংক্ৰমনৰ সময়তো এতিয়াও একাংশৰ মাজত সজাগ-সচেতনতা নোহোৱা অথবা মাস্ক পৰিধান নকৰাতো যথেষ্ট উদ্বেগৰ বিষয় হৈ পৰিছে ৷ অৱশেষত কলিয়াবৰ আৰক্ষীয়ে উপস্থিত হৈ কঠোৰ স্থিতি গ্ৰহণ কৰাতহে কেন্দ্ৰটোত গ্ৰাহকৰ ভিৰ কমে ।

লগতে পঢ়ক : মানাহ ৰাষ্ট্ৰীয় উদ্যানত গাভিনী গঁড়ৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.