ETV Bharat / state

কলিয়াবৰত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১২৪ লৈ বৃদ্ধি - কলিয়াবৰ ক’ভিড-১৯

জখলাবন্ধা চিকিৎসালয় আৰু জখলাবন্ধা চিকিৎসালয়ৰ অন্তৰ্গত আন চাৰিটা ক’ভিড টেষ্ট কেন্দ্ৰত কৰা ৰেপিড এন্টিজেন টেষ্টত শনিবাৰে ৬ জন লোকৰ দেহত ধৰা পৰে কৰ’ণাৰ উপস্থিতি ৷ ইফালে আক্ৰান্ত কেইজনক বৰ্তমান হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে ।

কলিয়াবৰত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১২৪ লৈ বৃদ্ধি

author img

By

Published : May 2, 2021, 7:21 AM IST

কলিয়াবৰ,2 মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ক্ৰমাৎ কলিয়াবৰতো বৃদ্ধি পাইছে মহামাৰী কাল কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ শনিবাৰৰ দিনটোত কলিয়াবৰত ৬ জন আক্ৰান্ত হৈছে ক’ভিড-১৯ ত আৰু কৰ’ণাত আক্ৰান্তৰ সংখ্যা ১২৪ জনলৈ বৃদ্ধি ৷

উল্লেখ্য যে, জখলাবন্ধা চিকিৎসালয় আৰু জখলাবন্ধা চিকিৎসালয়ৰ অন্তৰ্গত আন চাৰিটা ক’ভিড টেষ্ট কেন্দ্ৰত কৰা ৰেপিড এন্টিজেন টেষ্টত শনিবাৰে ৬ জন লোকৰ দেহত ধৰা পৰে কৰ’ণাৰ উপস্থিতি ৷ ইফালে আক্ৰান্ত কেইজনক বৰ্তমান হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে ।

শনিবাৰ পৰ্যন্ত কলিয়াবৰত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১২৪ লৈ বৃদ্ধি পাইছে যদিও বৰ্তমানলৈকে সুস্থ হৈ উঠিছে ২৯ জন ৷ ইফালে সক্ৰিয় ৰোগীৰ সংখ্যা ৯৫ জন বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: বিগত ২৪ ঘণ্টাত বৰপেটাত ১১২গৰাকী লোক কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.