ETV Bharat / state

কলিয়াবৰত নতুনকৈ ১৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

author img

By

Published : Apr 27, 2021, 1:36 PM IST

কলিয়াবৰত সোমবাৰৰ দিনটোত আক্ৰান্ত হৈছে ১৪ জনকৈ লোক । ইয়াৰ লগে লগে কলিয়াবৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা হ'লগৈ ৮৩ গৰাকী ।

কলিয়াবৰত নতুনকৈ ১৪ গৰাকী লোক আক্ৰান্ত কৰ'ণাত

কলিয়াবৰ,২৭ এপ্ৰিল: ৰাজ্যৰ চৌদিশে কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণ অব্যাহত আছে । নগাঁও জিলাৰ কলিয়াবৰত সোমবাৰৰ দিনটোত আক্ৰান্ত হৈছে ১৪ জনকৈ লোক । ইয়াৰ লগে লগে কলিয়াবৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা হ'লগৈ ৮৩ গৰাকী ।

জখলাবন্ধা চিকিৎসালয় আৰু ইয়াৰ অন্তৰ্গত ৪ টা ক'ভিড পৰীক্ষা কেন্দ্ৰত ১১ গৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । আনহাতে চিমনাবস্তি চিকিৎসালয়ৰ ক'ভিড চেণ্টাৰৰ সৈতে জড়িত আন চাৰিটা ক'ভিড পৰীক্ষা কেন্দ্ৰত ৩ জন লোকক ক'ভিডত আক্ৰান্ত হিচাপে চিনাক্ত কৰা হয় ।

আটাইকেইগৰাকী আক্ৰান্ত ব্যক্তিক বৰ্তমান হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে । সম্প্ৰতি কলিয়াবৰত ৮৩ গৰাকী ৰোগীৰ ভিতৰত ১৭ গৰাকী সুস্থ হৈ উঠিছে আৰু ভাইৰাছবিধত আক্ৰান্ত হৈ আছে ৬৬ গৰাকী ব্যক্তি ।

লগতে পঢ়ক: বঙাইগাঁৱত প্ৰতিষেধক গ্ৰহণৰ নামত ভংগ ক’ভিড প্ৰট’কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.