ETV Bharat / state

নগাঁৱত অৱহেলিত ক’ভিড আক্ৰান্ত - ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়

ক’ভিড আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ নামত চূড়ান্ত অৱহেলাৰ অভিযোগ উত্থাপন হৈছে এইবাৰ নগাঁৱত । জানিব পৰা মতে, চিকিৎসা প্ৰদান দূৰৈৰ কথা অক্সিজেন পৰ্যন্ত জুখি নাচালে কোনো এজন স্বাস্থ্য কৰ্মীয়ে । চিকিৎসালয়ত কোনো গুৰুত্ব নাপাই নিজ ঘৰলৈ উভতি যাবলগীয়া হ’ল পৰিয়ালটো । আনকি ঘৰলৈ যাবলৈও চিকিৎসালয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা কৰি নিদিয়াত উপায়ন্তৰ হৈ অট'ৰিক্সা ভাড়া কৰি ঘৰলৈ যাবলগীয়া হ'ল ক’ভিড আক্ৰান্ত পৰিয়ালটো ।

নগাঁৱত অৱহেলিত ক’ভিড আক্ৰান্ত
নগাঁৱত অৱহেলিত ক’ভিড আক্ৰান্ত
author img

By

Published : Apr 22, 2021, 5:33 PM IST

নগাঁও,22 এপ্ৰিল: শেহতীয়াকৈ নগাঁৱত সংঘটিত এক ঘটনাই উন্মোচিত কৰিছে স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ । প্ৰকৃততে ক’ভিড আক্ৰান্তক লৈ স্বাস্থ্য বিভাগ কিমান সজাগ, সেয়া স্পষ্টৰূপত পোহৰলৈ আনিছে নগাঁৱৰ এটা ঘটনাই । নগাঁও চহৰৰ মিলনপুৰৰ হিতেশ্বৰ বৰা নামৰ লোকজনৰ লগতে দুই কন্যাসহ পত্নীও আক্ৰান্ত হৈছিল ক’ভিড- ১৯ ত । যোৱা ১৭ এপ্ৰিলত পৰিয়ালটোৰ চাৰিজনকৈ সদস্যৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯ ৰ অৱস্থিতি। ক’ভিডত আক্ৰান্ত পৰিয়ালটোক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত ভৰ্তি হোৱাৰ পৰামৰ্শ দিয়ে যদিও চিকিৎসালয়ৰ পৰা খাদ্যৰ যোগান দিয়া নহয় বুলি জনোৱাত নিজ ঘৰতে আছুতীয়াকৈ থকাৰ সিদ্ধান্ত লয় পৰিয়ালটোৱে ।

নগাঁৱত অৱহেলিত ক’ভিড আক্ৰান্ত

তাৰ মাজতে মঙলবাৰে হিতেশ্বৰ বৰাৰ পত্নীৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাত পুনৰ ১০৮ ৰ সহায়ত চিকিৎসালয়ত ভৰ্তি হয় পৰিয়ালটো । কিন্তু ভৰ্তি হোৱাৰ চাৰি-পাঁচ ঘণ্টা পৰ্যন্ত কোনো চিকিৎসা লাভ নকৰাত পুনৰ ঘৰলৈ উভতি যাবলগীয়া হয় পৰিয়ালটো । আনকি পৰিয়ালটোক ঘৰলৈ যোৱাৰ বাবেই কোনো ব্যৱস্থা কৰি নিদিয়াত উপায়ন্তৰ হৈ পৰিয়ালটোৱে এখন অট'ৰিক্সা ভাড়া কৰি ঘৰলৈ উভতি যাবলগীয়া হয় ৷

উল্লেখযোগ্য যে, বিগত বর্ষতকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ'ণাৰ দ্বিতীয় ঢৌৱে । কিন্তু এইবাৰ ক’ভিড আক্ৰান্তক লৈ চৰকাৰ তথা স্বাস্থ্য বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ক’ভিড আক্ৰান্ত হিতেশ্বৰ বৰাৰ আত্মীয় । ক’ভিড আক্ৰান্তৰ চিকিৎসাৰ ক্ষেত্ৰত আৰম্ভণিতেই কিছু ভুল হোৱাৰ কথা স্বীকাৰ কৰিলে পৰৱৰ্তী সময়ত যাতে কোনো ক’ভিড আক্ৰান্তই চিকিৎসাৰ পৰা বঞ্চিত হ’ব নালাগে তাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে । ক’ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ক’ভিড আক্ৰান্ত লোকক স্বাস্থ্য বিভাগে এনেদৰে কৰা অৱহেলাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । এতিয়া প্ৰশ্ন হয়, দেহত ক’ভিড-১৯ ৰ ভাইৰাছ লৈ যোৱা অট’ৰিক্সাৰ পৰা ক’ভিড-১৯ ৰ সংক্ৰমণ হলে দায়িত্ব ল’বনে চিকিৎসালয় কৰ্তৃপক্ষই ?

লগতে পঢ়কঃ অ’এনজিচি বিষয়াৰ অপহৰণ জৰিত থকাৰ সন্দেহত আটক এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.