ETV Bharat / state

কলিয়াবৰত ক’ভিড চিকিৎসা কেন্দ্ৰৰ পৰা নিৰুদ্দেশ ৰোগী

কলিয়াবৰৰ মোৱামাৰী ক’ভিড চিকিৎসা কেন্দ্ৰৰ পৰাই নিৰুদ্দেশ হ’ল বিশ্বজিত তাঁতী নামৰ এগৰাকী ক’ভিড সংক্ৰমিত ৰোগী ৷ ১১ দিন পাৰ হোৱাৰ পাচতো বিশ্বজিতৰ কোনো সন্ধান পোৱা নাই বুলি জানিব পৰা গৈছে ।

Covid Patient Missing at Kaliabor
কলিয়াবৰৰ মোৱামাৰী ক’ভিড চিকিৎসা কেন্দ্ৰৰ পৰা নিৰুদ্দেশ ক’ভিড ৰোগী
author img

By

Published : May 25, 2021, 9:00 AM IST

কলিয়াবৰ,25 মে’: কলিয়াবৰৰ মোৱামাৰী ক’ভিড চিকিৎসা কেন্দ্ৰত সৃষ্টি হৈছে এক অবাঞ্চিত পৰিস্থিতি । চিকিৎসাধীন অৱস্থাতে নিৰুদ্দেশ হ’ল কলিয়াবৰৰ এগৰাকী ক’ভিড সংক্ৰমিত ৰোগী । চিমনাবস্তি স্বাস্থ্যকেন্দ্ৰৰ ক’ভিড পৰীক্ষাত বিশ্বজিত তাঁতী নামৰ লোকজন কৰ’ণাত আক্ৰান্ত হোৱা বুলি ধৰা পৰাত পৰিয়ালৰ অজ্ঞাতে মোৱামাৰী ক’ভিড চিকিৎসা কেন্দ্ৰত ৰখা হৈছিল ।

কলিয়াবৰত ক’ভিড চিকিৎসা কেন্দ্ৰৰ পৰা নিৰুদ্দেশ ৰোগী

কিন্তু ক’ভিড ৰোগী বিশ্বজিত ৰহস্যজনকভাৱে দ্বিতীয় দিনা চিকিৎসা কেন্দ্ৰৰ পৰা নিৰুদ্দেশ হয় । পৰিয়ালৰ লোকে বিশ্বজিত নিৰুদ্দেশ হোৱাৰ খবৰ পোৱাৰ পাচতেই প্ৰশাসনক অৱগত কৰে । মহকুমা আৰু আৰক্ষী প্ৰশাসনে বিশ্বজিতক বিচাৰি অভিযান চলাই আছে যদিও ১১ দিন পাৰ হোৱাৰ পাচতো বিশ্বজিতৰ কোনো সন্ধান পোৱা নাই ।

এজন ক’ভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন অৱস্থাৰ পৰা নিৰুদ্দেশ হোৱাত ব্যক্তিজনৰ পৰা কৰ'ণাৰ সংক্ৰমণ আন ব্যক্তিলৈ বিয়পাৰ আশংকা কৰিয়েই চিন্তিত হৈ পৰিছে চাহ জনগোষ্ঠীয় সংগঠন আটছা । উল্লেখ্য যে, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এটি দলে সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে নিৰুদ্দেশ হোৱা বিশ্বজিত তাঁতীক শীঘ্ৰে বিচাৰি অনাৰ দাবী উত্থাপন কৰিছে ।

এনে এক সংকটকালীন সময়ত স্বাস্থ্য বিভাগৰ দায়িত্ব জ্ঞানহীনতাৰ ফলত এগৰাকী ক’ভিড ৰোগীৰ নিৰুদ্দেশ হোৱা ঘটনাই সকলোকে চিন্তাত পেলাইছে । এতিয়া প্ৰশাসন তথা স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক : অসমৰ প্ৰথমটো আদৰ্শ ক'ভিড প্ৰতিষেধক প্ৰদান শিবিৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.