ETV Bharat / state

98 বছৰীয়া স্বাধীনতা সংগ্ৰামীয়ে পৰাস্ত কৰিলে ক'ভিডক - freedom fighter narendra nath dadhora defeated covid

ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত ৯৮ বছৰীয়া স্বাধীনতা সংগ্ৰামীয়ে পৰাস্ত কৰিলে ক'ভিডক ৷ ব্ৰিটিছ বিৰোধী যুঁজত জয়লাভ কৰা নগাঁৱৰ নৰেন্দ্ৰ নাথ দাধৰাই ক'ভিড বিৰোধী যুঁজতো লাভ কৰিলে সফলতা ৷

Covid defeat by 98 years old freedom fighter
98 বছৰীয়া স্বাধীনতা সংগ্ৰামীয়ে পৰাস্ত কৰিলে ক'ভিডক
author img

By

Published : May 31, 2021, 9:57 PM IST

চামগুৰি, 31 মে': এজন প্ৰকৃত যোদ্ধা ৷ ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত 98 বছৰীয়া স্বাধীনতা সংগ্ৰামী তথা প্ৰখ্যাত মুক্তিযোদ্ধা নৰেন্দ্ৰ নাথ দাধৰা বিগত 12 মে' তাৰিখে আক্ৰান্ত হৈছিল ক’ৰণাত ৷ 13 মে'লৈ মুক্তিযোদ্ধা গৰাকীয়ে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাবোধ কৰাত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত থকা ক'ভিড ৱাৰ্ডত ৷ ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত এইগৰাকী মুক্তিযোদ্ধাই মনৰ একান্ত আত্মবিশ্বাসৰ বাবে অতি কম দিনৰ ভিতৰতে পুনৰ সুস্থ হৈ উভতি আহিল নিজৰ ঘৰলৈ ৷

98 বছৰীয়া স্বাধীনতা সংগ্ৰামীয়ে পৰাস্ত কৰিলে ক'ভিডক

মুক্তিযোদ্ধা নৰেন্দ্ৰ নাথ দাধৰৰ লগতে ক'ভিড-19 ত আক্ৰান্ত হৈছিল তেখেতৰ 85 বছৰীয়া পত্নীসহ পৰিয়ালটোৰ প্ৰায় 6 গৰাকীকৈ ব্যক্তি ৷ অৱশ্যে যোৱা 18 মে'ত দাধৰাৰ লগতে পৰিয়ালটোৰ আটাইৰে ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফল নিগেটিভ অহাত অৱশেষত ক'ভিডমুক্ত হয় নৰেন্দ্ৰ নাথ দাধৰাৰ পৰিয়ালটো ৷

উল্লেখ্য যে, ঘৰখনৰ অতি বয়সীয়াল দুজনকৈ লোক ক'ভিডত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হোৱাৰ পাচতো এই মাৰাত্মক ক'ভিড যুদ্ধখন সাহসেৰে জয় কৰাৰ অন্তৰালত যে ৯৮ বছৰীয়া মুক্তিযোদ্ধা নৰেন্দ্ৰ নাথ দাধৰাৰ অদম্য মনোবলেই আছিল তাক এতিয়া একেমুখে স্বীকাৰ কৰিছে পৰিয়ালৰ লোকে ৷ মাত্ৰ চাৰি দিনৰ মূৰতেই ক'ভিড চিকিৎসালয়ৰ পৰা তুলনামূলকভাৱে সুস্থ হৈ উভতি আহিবলৈ সক্ষম হোৱা মুক্তিযোদ্ধা গৰাকীয়ে আনকি উভতি অহাৰ পূৰ্বে চিকিৎসালয়খনত সতীৰ্থ আন ক'ভিড ৰোগী সকলকো সাহসো প্ৰদান কৰিছিল ৷

লগতে পঢ়ক: কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.