ETV Bharat / state

কলিয়াবৰত একেটা দিনতে ২৫ জন কৰ'ণাত আক্ৰান্ত - ক'ভিড পৰীক্ষা

কলিয়াবৰত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ২০৬ জনলৈ বৃদ্ধি । শনিবাৰে কলিয়াবৰত ২৫ জনৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । আটাইকেইজনকে বৰ্তমান হোম আইচ'লেচনত থকাৰ পৰামৰ্শ দিছে স্বাস্থ্য বিভাগে ।

Covid cases increases in Kaliabor
কলিয়াবৰত ক'ভিডত আক্ৰান্তৰ সংখ্যা ২০৬ জনলৈ বৃদ্ধি
author img

By

Published : May 8, 2021, 4:45 PM IST

কলিয়াবৰ, ৮ মে': এফালে চিকিৎসালয়ত বিচনাৰ অভাৱ, আনফালে প্ৰতি দিনে বাঢ়িয়েই আছে ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা । নগাঁৱৰ জিলাৰ বিভিন্ন স্থানতো অব্যাহত আছে মহামাৰীৰ সংক্ৰমণ । শনিবাৰে কলিয়াবৰৰ কেইবাটাও ক'ভিড পৰীক্ষা কেন্দ্ৰত সম্পন্ন কৰা পৰীক্ষাত মুঠ ২৫ জন লোক মহামাৰীত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ।

কলিয়াবৰত এতিয়ালৈকে ২০৬ জন লোক মহামাৰীৰ কবলত পৰিছে । জখলাবন্ধা চিকিৎসালয়ৰ অন্তৰ্গত অন্য ৪টা ক'ভিড পৰীক্ষা কেন্দ্ৰত শনিবাৰে ৭ জন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । ইফালে, চিমনাবস্তি চিকিৎসালয়ৰ ক'ভিড কেন্দ্ৰৰ অন্তৰ্গত আন চাৰিটা ক'ভিড পৰীক্ষা কেন্দ্ৰত কৰা পৰীক্ষাত ১৮ জন লোক আক্ৰান্ত হোৱাৰ কথা প্ৰমাণিত হয় ।

Covid cases increases in Kaliabor
কলিয়াবৰত ক'ভিডত আক্ৰান্তৰ সংখ্যা ২০৬ জনলৈ বৃদ্ধি

শনিবাৰে আক্ৰান্ত হোৱা আটাইকেইজন ৰোগীকে বৰ্তমান হোম আইছ'লেছনত থকাৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে । কলিয়াবৰত এই পৰ্যন্ত সুস্থ হৈ উঠিছে ১০৫ জন লোক আৰু বৰ্তমান কলিয়াবৰত সক্ৰিয় ৰোগীৰ সংখ‍্যা ১০১ জন ।

আনহাতে, কলিয়াবৰত শনিবাৰৰ পৰা ১৮-৪৫ বছৰৰ লোকক ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে । জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয় আৰু কুঁৱৰীটোল উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত এই টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে ।

লগতে পঢ়ক:খাকী পোচাকত কালিমা: আৰক্ষীৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.