ETV Bharat / state

নগাঁৱত মাইকযোগে ক’ভিডৰ সজাগতা প্ৰচাৰ

author img

By

Published : Jun 12, 2021, 2:24 PM IST

নগাঁও চহৰৰ হয়বৰগাঁৱত ব্যৱসায়ীসকলৰ মাজত ক’ভিড সজাগতা(Covid Awarness) সৃষ্টিৰ বাবে মাইকযোগে নীতি-নিৰ্দেশনা পাঠ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷

Covid_Awarness_Program_by_Pradyut Bordoloi
নগাঁৱত ক’ভিড সজাগতা সম্পৰ্কে মাইকযোগে নীতি নিৰ্দেশনা পাঠ

চামগুৰি, 12 জুন : নগাঁৱত ক’ভিড সেৱা কেন্দ্ৰ(Covid Care Centre)ৰ সদস্যসকলৰ প্ৰশংসনীয় পদক্ষেপ । শুকুৰবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ক’ভিড সেৱা কেন্দ্ৰ(Covid Care Centre) নগাঁৱৰ সদস্যসকল লগ হৈ নগাঁও চহৰৰ হয়বৰগাঁও বজাৰত উপস্থিত হয় । বজাৰত উপস্থিত হৈ সাংসদগৰাকীয়ে ব্যৱসায়িক এলেকাত মাইকযোগে ক’ভিডৰ ভয়াৱহতাৰ বিষয়ে অৱগত কৰাৰ লগতে সকলোকে সজাগ হৈ ক’ভিড প্ৰ'টকল(Covid Protocol) মানি চলিবলৈ আহ্বান জনায় ।

ইয়াৰ পাছতে তেওঁ হয়বৰগাঁও বজাৰৰ ব্যৱসায়ী, ঠেলা চালক, ৰিক্সা চালক, শাক পাচলিৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত মাস্ক, চেনিটাইজাৰ, ফেচশ্বীল্ড ইত্যাদি বিতৰণ কৰে । ইয়াৰোপৰি সাংসদ গৰাকীয়ে বিশেষভাৱে সক্ষম লোকক মাস্ক পিন্ধাই নিজৰ মহানুভৱতাৰ পৰিচয় দিয়ে । উল্লেখ্য যে, জিলাখনত ক’ভিড সেৱা কেন্দ্ৰসমূহে ৰোগীক প্ৰয়োজনীয় ঔষধ পাতি যোগান ধৰাৰ লগতে বিভিন্ন ধৰণে ক’ভিড ৰোগীসকলক সহায় কৰি আহিছে ।

লগতে পঢ়ক : ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.