ETV Bharat / state

কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাত আৰম্ভ হৈছে টীকাকৰণ প্ৰক্ৰিয়া । শনিবাৰে জিলাখনৰ কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক, স্বাস্থ্য কৰ্মী আৰু নাৰ্চসকলক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয় ।

কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া
কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া
author img

By

Published : Jan 16, 2021, 3:48 PM IST

বঢ়মপুৰ,১৬ জানুৱাৰী: বহু প্ৰতীক্ষাৰ অন্তত আজিৰে পৰা আৰম্ভ হৈছে COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া । সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিষেধক প্ৰদান কৰা হৈছে । নগাঁৱৰ কঠিয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শনিবাৰে ক'ভিড যোদ্ধাসকলক প্ৰতিষেধক প্ৰদান কৰা হয় । স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, স্বাস্থ্য কৰ্মীসকলক প্ৰথমে COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয় ।

কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া
কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া

এই কাৰ্যসূচীত উপস্থিত থাকে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস আৰু চক্ৰ বিষয়া সংগীতা বৰঠাকুৰ । প্ৰথমটো প্ৰতিষেধক প্ৰদান কৰা হয় মহকুমা স্বাস্থ্য বিষয়া ৰমেন বেজবৰুৱাক । ৰাজ্যত মহামাৰীৰ সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে ৰোগীক সেৱা আগবঢ়াই অহা স্বাস্থ্য কৰ্মী, চিকিৎসকক আজি প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ উপস্থিতিত ডিব্ৰুগড়ত COVID-১৯ প্ৰতিষেধক অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.