ETV Bharat / state

নিম্ন আদালতসমূহত শীঘ্ৰেই ৰাজ্যিক ভাষা প্ৰৱৰ্তনৰ দাবী

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাত উল্লেখ থকা সত্বেও ব্ৰহ্মপুত্ৰ উপত্যকাৰ নিম্ন আদালতসমূহত ৰাজ্যিক ভাষা এলাগি হোৱাৰ অভিযোগ ।

All Assam Lawyers Association Press Meet
সদৌ অসম উকীল সন্থাৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

তিনিচুকীয়া: ফৌজদাৰী কিম্বা দেৱানী আদালতত তৎকালে ৰাজ্যিক ভাষা ব্যৱহাৰৰ দাবী জনাইছে সদৌ অসম উকীল সন্থাই । নিম্ন আদালতসমূহত অসমীয়াৰ সলনি ইংৰাজী ভাষাত লিপিবদ্ধ কৰা বাবে অশিক্ষিত গোচৰীয়া তথা পদকীয়াই নিজৰ গোচৰটো সন্দৰ্ভত একো জ্ঞাত নোহোৱাকৈয়ে চহী কৰিবলগীয়া হয় । এনে সমস্য়াৰ পৰা পৰিত্ৰাণ পাবলৈকে ৰাজ্যিক ভাষা তৎকালে ব্যৱহাৰৰ দাবী জনোৱা হৈছে ।

মঙলবাৰে তিনিচুকীয়া প্রেছ ক্লাৱত সদৌ অসম উকীল সন্থাৰ উপ-সভাপতি অশোক কুমাৰ কৰ্মকাৰে এখন সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে । সদৌ অসম উকীল সন্থাৰ উপ-সভাপতি কয়, "১৯৬০ চনৰ ৰাজ্যিক ভাষা আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি চলি থকা অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নিম্ন আদালতসমূহত ৰাজ্যিক ভাষা অসমীয়া এলাগি হোৱাৰ ফলত সম্পূর্ণ ন্যায়িক বাৱস্থাটোৱেই প্ৰহসনত পৰিণত হৈছে ৷ সদৌ অসম উকীল সন্থাৰ বাৰম্বাৰ দাবীৰ পাছতো সংশ্লিষ্ট কৰ্ত্তৃপক্ষই অসম ৰাজ্যিক ভাষা আইন ১৯৬০ আজিপর্যন্ত বলৱৎ কৰিবলৈ সুব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷"

সদৌ অসম উকীল সন্থাৰ সংবাদমেল (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "অসমৰ কাছাৰ জিলাক বাদ দি অন্যান্য জিলাত অসম ৰাজ্যিক ভাষা আইন ১৯৬০ অনুযায়ী সকলো কাৰ্যালয়ৰ ভাষা অসমীয়া হ'ব লাগে ৷ ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত (অনুচ্ছেদ ৩৪৪(১) আৰু ৩৫১) অন্যান্য ২১টা ভাষাৰ লগতে অসমীয়া ভাষাকো মান্যতা তথা স্বীকৃতি দিয়া আছে ৷ অথচ সেইখন সার্বভৌম গণতান্ত্ৰিক ভাৰতৰ অংগৰাজ্য অসমৰ বিশেষকৈ ব্রহ্মপুত্র উপত্যকাৰ নিম্ন আদালতসমূহত মান্য অসমীয়া ভাষা এলাগি হৈছে ৷"

নীতিগত তথা আইনগতভাৱেই ব্রহ্মপুত্র উপত্যকাৰ নিম্ন আদালতৰ ফৌজদাৰী গোচৰৰ সাক্ষ্যদান ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ৩১২ ধাৰা অনুযায়ী ৰাজ্যিক ভাষা অসমীয়াত লিপিবদ্ধ কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, "অধিকাংশ ক্ষেত্ৰতে নিম্ন আদালতসমূহত ৰাজ্যিক তথা সাংবিধানিক ভাষা অসমীয়াৰ সলনি ইংৰাজী ভাষাতহে লিপিবদ্ধ কৰি আহিছে ৷ ফলত অশিক্ষিত গোচৰীয়া তথা পদকীয়াই নিজৰ গোচৰটো সন্দৰ্ভত একো জ্ঞাত তথা অৱগত নোহোৱাকৈয়ে টিপচহী দি নিজৰ দায়িত্ব আৰু কৰ্তব্য সামৰিবলৈ বাধ্য হয় ৷ দেৱানী কার্যবিধিৰ বিধি ১৮ৰ অধিনিয়ম ৫ অনুযায়ী সাক্ষ্যদান অসমীয়া ভাষাত দিবলৈ বিচাৰিলে অসমীয়াত লিপিবদ্ধ কৰাটো বাধ্যতামূলক ৷"

শেহতীয়াকৈ যোৱা ২৭ ছেপ্তেম্বৰৰ পৰা তিনিদিনীয়াকৈ পাঠশালাত অনুষ্ঠিত সদৌ অসম উকীল সন্থাৰ অধিৱেশনত নিম্ন আদালতসমূহত ৰাজ্যিক ভাষা তৎকালীনভাৱে ব্যৱহাৰৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক স্মাৰক-পত্ৰ প্ৰদানৰ সিদ্ধান্ত লোৱা হয় ৷ তদুপৰি ৰাইজৰ সুবিধাৰ্থে উজনি অসমত উচ্চ ন্যায়ালয়ৰ বেঞ্চ স্থাপন কৰাৰ বাবেও সদৌ অসম উকীল সন্থাই দাবী জনায় ৷

ঝাৰখণ্ড চৰকাৰে নতুনকৈ ওকালতি আৰম্ভ কৰা আৰু ৬০ বছৰৰ ঊৰ্দ্ধৰ উকীলসকলক আৰ্থিক সকাহ দিয়াৰ বাবে গ্ৰহণ কৰা আঁচনি অসমতো ৰূপায়ণ কৰি নতুনকৈ ওকালতি আৰম্ভ কৰা অধিবক্তাক ৫ বছৰলৈ মাহে ১০ হাজাৰকৈ আৰু ৬০ বছৰৰ ঊৰ্দ্ধৰ অধিবক্তাক মাহে ২৫ হাজাৰকৈ ভাট্টা প্ৰদানৰ বাবে অসম চৰকাৰক সদৌ অসম উকীল সন্থাই দাবী জনাইছে ৷

উক্ত সংবাদ মেলত সদৌ অসম উকীল সন্থাৰ উপ-সভাপতি অশোক কুমাৰ কৰ্মকাৰৰ লগতে তিনিচুকীয়া উকীল সন্থাৰ জ্যেষ্ঠ সদস্য প্ৰমোদ বৰাৰ উপৰি উদয়ানন্দ বৰগোহাঁই আৰু নিৰজ গগৈও উপস্থিত থাকে ৷

লগতে পঢ়ক:ৰঙিয়া উকীল সন্থাৰ বহুদিনীয়া আশা পূৰণ

যোৰহাটৰ ৰাজপথত নামিল উকীল সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.