নগাঁও, 7 মে’ : যিটো সময়ত ক’ৰণা মহামাৰীয়ে সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে, তেনেহেন সময়তো যেন তিলমানো সজাগ নহয় একাংশ লোক । নগাঁৱৰ বৰবজাৰত দেখা পোৱা গ’ল ক’ভিড প্ৰট’কলক ভৰিৰে মোহাৰি বজাৰ কৰি থকাৰ দৃশ্য ৷ সন্মুখত ঈদ উল ফিতৰ। ঈদ উদযাপনৰ বাবে বজাৰত এতিয়া ভিৰ কৰিছে বহু লোকে । নগাঁৱৰ বৰবজাৰৰ কোনো এখন দোকানত নাই শাৰীৰিক অথবা সামাজিক দূৰত্ব । ক’ভিড১৯ক লৈ চৰকাৰ তথা প্ৰশাসন উদ্বিগ্ন হৈ পৰাৰ সময়ত যেন কোনো ভ্ৰূক্ষেপ নাই এইসকল লোকৰ ।
নগাঁৱত প্ৰতিদিনেই ক’ভিড১৯ত আক্ৰান্ত হৈছে শতাধিক লোক । ক’ভিড১৯ত আক্ৰান্ত হৈ এই পৰ্যন্ত আঠজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । আনহাতে ব্যৱসায়ীসকলেও কেৱল মুনাফা আদায়ৰ স্বাৰ্থতেই ক’ভিড প্ৰট'কল ভংগ কৰি চলাই গৈছে ব্যৱসায় ।
লকডাউনৰ দৰে পৰিৱেশ সৃষ্টি নকৰিবলৈ চৰকাৰে বাৰম্বাৰ ৰাইজৰ সহযোগিতা বিচৰাৰ সময়ত এইসকল লোকে নগাঁৱৰ বজাৰত এনেদৰে ভিৰ কৰা কাণ্ডই হতচকিত কৰি তুলিছে সচেতন লোকক ।
লগতে পঢ়ক: অসমৰ মুখ্যমন্ত্ৰী পদক লৈ বিজেপিত মতান্তৰ !