ETV Bharat / state

Jal Jeewan Mission at Kaliabor: জল-জীৱন আঁচনি ৰূপান্তৰ জল-জঞ্জাললৈ - Jal Jeevan Mission in Assam

জল-জীৱন আঁচনিৰ নামত ব্যাপক দুৰ্নীতি(Jal Jeevan Mission in Assam)। ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত ৰাজ্যত কি চলিছে সেয়া প্ৰতিফলিত হৈছে কলিয়াবৰত । পানীৰ নল সংযোগ কৰাৰ পাছতো আজিলৈকে নোলাল এটুপিও পানী(Corruption in Jal Jeevan Mission) । কলিয়াবৰৰ ৰাইজে সেৱন কৰিছে আইৰনযুক্ত পানী ।

corruption in villages of koliabar in drinking water supply
JAL Jeewan Mission at Kaliabor: জল-জীৱন আঁচনি ৰূপান্তৰ জল-জঞ্জাললৈ
author img

By

Published : Jul 30, 2022, 6:43 PM IST

কলিয়াবৰ,৩০ জুলাই: জনস্বাস্থ‍্য কাৰিকৰী বিভাগ আৰু ঠিকাদাৰৰ কৃপাত বাস্তৱ ক্ষেত্ৰত জল-জীৱন আঁচনি এতিয়া একাংশৰ বাবে জল-জঞ্জালৰ ৰূপ লৈছে । কলিয়াবৰত জল জীৱন মিছন আঁচনি(Jal Jeevan Mission in Assam) ৰূপায়নৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অন্তৰ্গত ২ নং কুলিডুঙি গাঁৱত পানীৰ নলৰ গৃহ সংযোগৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ।

জল-জীৱন আঁচনি ৰূপান্তৰ জল-জঞ্জাললৈ

আঁচনিৰ কাম চোৱা-চিতা কৰিবলৈ আহৰি নাই বিভাগীয় বিষয়া-অভিযন্তাৰ । যাৰ ফলত ব্যাপক অনিয়ম সংঘটিত হৈছে জল জীৱন মিছন আঁচনি ৰূপায়নত(Corruption in Jal Jeevan Mission) । ঘৰৰ পদূলিত পানী নলৰ সংযোগ লাভ কৰি বিপাঙত পৰিছে সৰ্বসাধাৰণ ৰাইজ ।

বিভাগীয় নীতি-নিৰ্দেশনা অমান‍্য কৰি ঠিকাদাৰ গোষ্ঠীয়ে পানীৰ নলাসমূহ স‌ংযোগ কৰাৰ দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে । পাছত জনস্বাস্থ‍্য কাৰিকৰী বিভাগেও নলেৰে সংযোজিত হোৱা ব‍্যক্তিসকলৰ পৰা যাৱতীয় নথি-পত্ৰ লৈ দায়িত্ব সামৰিলে বুলি অভিযোগ উঠিছে । অথচ এই পৰ্য‍্যন্ত নাই পানী যোগান ,সঠিকভাৱে স্থাপন হোৱা নাই পানীৰ নল । মুঠতে চুড়ান্ত বেমেজালিৰ মাজেৰে এই মিছনৰ কাম-কাজ চলি থকাৰ অভিযোগ উত্থাপন হৈছে ।

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ‍্য চৰকাৰলৈকে জল-জীৱন মিছনৰ প্ৰশস্তি গোৱাত ব‍্যস্ত হৈ থকাহে দেখা গৈছে । অৱশ‍্যে তাৰ মাজতে কেইবাটাও জল জীৱন মিছনৰ ঠিকাদাৰী প্ৰতিষ্ঠানক ব্লেক লিষ্টেড কৰিছে । উল্লেখযোগ‍্য যে, জল জীৱন মিছন, ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ লক্ষ‍্যৰে সমগ্ৰ ভাৰতৰ এই অভিলাষী আঁচনিৰ অন্তৰ্গত অসমৰ প্ৰতিটো সমষ্টিৰে সম্পূৰ্ণ হোৱা আঁচনিসমূহ যোৱা ৩১ আগষ্টত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল ।

২০২৪ চনৰ ভিতৰত ৰাজ্যৰ প্ৰতিটো পৰিয়ালকে পৰ্যাপ্ত পৰিমাণৰ আৰু নিৰ্ধাৰিত গুণ সম্পন্ন খোৱাপানী যোগানৰ উদ্দেশ্যে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে আৰম্ভ কৰা 'জল-জীৱন মিছন'ৰ প্ৰথম পৰ্য‍্যায়ত শনিবাৰে ৰাজ‍্যত সম্প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছে । চৰকাৰী তথ‍্য মতে, অসমত প্ৰায় আঠ লাখ ঘৰত জল-জীৱন মিছনৰ জৰিয়তে বিশুদ্ধ খোৱা পানীৰ সংযোগ কৰা হৈছে । অসমৰ বাবে নিৰ্ধাৰণ কৰা ৫৬০১.১৬ কোটি টকাৰ এই বৃহৎ পৰিমাণৰ ধনৰ আঁচনিৰ এই সংযোগ কিমান মান বিশিষ্ট, কিমান চৰকাৰী নীতি-নিয়ম পালন কৰা হৈছে? এয়া এতিয়া লাখটকীয়া প্ৰশ্ন ।

লগতে পঢ়ক: Rashtrapatni Remark Row: মৰাণত জ্বলিল আঙুৰলতাৰ প্ৰতিকৃৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.