নগাঁও, 27 আগষ্ট: নগাঁও জিলাৰ গড়কাপ্তানি বিভাগৰ অধীনস্থ কচুৱাৰ শিঙিমাৰী চাহ বাগানৰ পথ নিৰ্মাণত অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ নিম্ন মানৰ পথ নিৰ্মাণেৰে ৰাইজক জ্বলা কলা খুৱাইছে ঠিকাদাৰে ৷ নিৰ্মাণ কৰি থকা পথটোৰে বাহন পাৰ হ’লেই পুনৰ শোচনীয় হৈ পৰে পথটোৰ অৱস্থা ৷ মস্তোফা ৰহমান নামৰ ঠিকাদাৰজনে নিজৰ মইমতালিৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ ৰাইজৰ ৷ ইফালে কাম আধাতে সামৰি ঠিকাদাৰ গৰাকী অন্তৰ্ধান হোৱাত নগুৰ নাকতি খাইছে লোকসকলে ৷
পূৰ্বৰে পৰা মস্তোফা ৰহমানৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰি আহিছিল ৰাইজে ৷ নিজৰ ভুল স্বীকাৰ কৰি পথটো পুনৰ নিৰ্মাণৰ আশ্বাস প্ৰদান কৰিছিল যদিও কোনো পৰিৱৰ্তন দেখা নগ’ল পথ নিৰ্মাণ কাৰ্যত ৷ ইয়াৰোপৰিও, ৰাইজৰ অভিযোগ, বহুবাৰ এই বিষয়ে অৱগত কৰোৱাৰ পাচতো নিৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰি আহিছে গড়কাপ্তানি বিভাগে ৷ সেয়েহে অতি শীঘ্ৰে এই সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান শিঙিমাৰীৰ স্থানীয় ৰাইজৰ ৷