ETV Bharat / state

পুনৰ বিৰ্তকত চলচলি সমবায় সমিতি - চলচলি সমবায় সমিতি

চলচলি সমবায় সমিতিত ২১ লক্ষাধিক টকাৰ বিয়াগোম কেলেংকাৰী অভিযোগ উত্থাপন হৈছে ৷ সমগ্ৰ ঘটনাৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰিছে স্থানীয় সচেতন ৰাইজে ৷

পুনৰ বিৰ্তকত চলচলি সমবায় সমিতি
পুনৰ বিৰ্তকত চলচলি সমবায় সমিতি
author img

By

Published : Sep 30, 2021, 5:39 PM IST

চামগুৰি,30 ছেপ্তেম্বৰ : বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ এক গোপন তথ্য সম্প্ৰতি পোহৰলৈ আহিছে চলচলি সমবায় সমিতিত ৷ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দ্বাৰা আৱণ্টিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সামগ্ৰী সমূহ, সুলভ মূল্যৰ ব্যৱসায়ী সকলৰ জৰিয়তে হিতাধিকাৰী ৰাইজৰ মাজত বিতৰণ কৰিবলৈ গঠন কৰা হৈছিল সমবায় সমিতি ৷ সেই সমবায় সমিতিতে এইবাৰ সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি ৷

পুনৰ বিৰ্তকত চলচলি সমবায় সমিতি

উল্লেখযোগ্য যে, চলচলি সমবায় সমিতিখনত ২০১৭ চনৰে পৰা বিগত তিনি বছৰে নিৰ্ধাৰিত সময়সূচী অনুসৰি অনুষ্ঠিত হোৱা নাই এখনো সাধাৰণ সভা ৷ জানিবপৰা মতে, চলচলি সমবায় সমিতি লিমিটেডত পূৰ্বৰে জমা টকা আছিল ৭ লাখ ২১ হাজাৰ ৷ সম্প্ৰতি ২৩৭০ গৰাকী অংশীদাৰৰ সমূহীয়া এই জমা টকা ক’ত হৰলুকি হ’ল তাৰ তথ্য বিচাৰি এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে সদস্য সকলে ৷ আনহাতে এখন সাধাৰণ সভা বিচাৰি সদস্য সকলে সভাপতি, সম্পাদকৰ পাছে পাছে আহযাহ কৰিব লগীয়া হৈছে ৷

আনহাতে পুৰণিগুদাম গড়মুৰত থকা চলচলি সমবায় সমিতিৰ কাৰ্যালয়টোৰ ভূমি ফ’ৰ লেণ্ড কৰ্তৃপক্ষই অধিগ্ৰহণ কৰি সমবায়টোক আদায় দিয়া প্ৰায় ১৪ লাখকৈ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে সভাপতি, সম্পাদক তথা সঞ্চালক মণ্ডলীৰ বিৰুদ্ধে ৷ ইপিনে দুটা কোঠালিৰ সামান্য এখন আধাখনীয়া দোকান ঘৰ বনায়েই হজম কৰিলে বেংক একাউন্টৰ পৰা ১৪ লাখকৈ টকা ৷

সম্প্ৰতি এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি সচেতন ৰাইজ কাষ চাপিছে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ ৷ এতিয়া সময়তহে লক্ষণীয় হ’ব সমাবায় সমিতিখনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ ১ অক্টোবৰৰ পৰা অনুমোদন প্ৰাপ্ত SBI শাখাত নিৰ্বাচনী বণ্ড বিক্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.