কলিয়াবৰ, 21 মাৰ্চ: কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ হৈ পৰিছে কলিয়াবৰ মহকুমা প্ৰশাসন ৷ সমগ্ৰ কলিয়াবৰতে যুদ্ধকালীন ক্ষীপ্ৰতাৰে স্বাস্থ্য সজাগতাৰ বাবে ব্যস্ত হৈ পৰিছে কলিয়াবৰ মহকুমা প্ৰশাসন ৷ সেয়েহে, আগন্তুক ৩১ মাৰ্চলৈ সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে কলিয়াবৰৰ স্থানীয় সাপ্তাহিক বজাৰ, উদ্যোগ-কল-কাৰখানা ৷ ইতিমধ্যে কলিয়াবৰ উন্নয়ন খণ্ড, পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ড, বাজীয়া গাঁও উন্নয়ন খণ্ড আৰু লাওখোৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়ালৈ জাননী প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক: গোলাঘাটৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি লণ্ডনত থকা অসমৰ যুৱকক