নগাঁও, 11 এপ্ৰিল : মহাৰাষ্ট্ৰত আত্মহত্যা নগাঁও জিলাৰ ৰূপহীহাটৰ যুৱকৰ। ৰূপহীহাটৰ পশ্চিম শালপাৰাৰ তেৰমাইলৰ জহিৰুল ইছলাম নামৰ এজন যুৱকে আত্মহত্যা কৰিছে মহাৰাষ্ট্ৰৰ এটা আইচ'লেচন কেন্দ্ৰত ৷ মৃত জাহিৰুল ইছলাম নামৰ যুৱক জনে বিগত বৰ্ষৰ জুলাই মাহত ধৰ্মীয় শিক্ষা আহৰণৰ বাবে ঘৰৰ পৰা ওলাই গৈ অংশ গ্ৰহণ কৰিছিল দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় অনুষ্ঠানত। দিল্লীৰ পৰা মহাৰাষ্ট্ৰৰ তবলিগী জামাতলৈ গৈ যুৱক জনে আশ্ৰয় লৈছিল অকোলা নামৰ এখন ঠাইৰ এটি মছজিদত। কৰ'ণা মহামাৰীত আক্ৰান্তহৈ যুৱক জনে হিতাহিত জ্ঞান হেৰুৱাই আত্মহত্যাৰ পথ বাছি লোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ কৰাৰ বিপৰীতে একাংশই আকৌ যুৱক জনৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে, বৰ্তমান নগাঁও জিলা প্ৰশাসনে ঘটনা সন্দৰ্ভত যোগাযোগ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে । নগাওঁ জিলা উপায়ুক্ত যাদৱ শইকীয়াই অকোলাৰ জিলা প্ৰশাসনৰ লগত যোগাযোগ অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : ৫০% শতাংশ কৰ্মচাৰী লৈ যোৰহাটত খুলিব পাৰিব চাহ বাগিছা