ETV Bharat / state

কলিয়াবৰত প্ৰশান্ত কুমাৰ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ - নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ

৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ । গাঁৱে-গাঁৱে পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ । প্ৰশান্ত কুমাৰ শইকীয়াই দলীয় সমৰ্থকৰ সৈতে পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলায় ।

কলিয়াবৰত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 13, 2021, 3:32 PM IST

কলিয়াবৰ,১৩ মাৰ্চ: অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বৃদ্ধি পাইছে অসমৰ ৰাজনৈতিক দলসমূহৰ মাজত ৷ গাদী দখলৰ বাবে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল ৷ পিছপৰি ৰোৱা নাই ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়া । শনিবাৰে সমষ্টিটোত এক পদযাত্ৰা বাহিৰ কৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হ’ল প্ৰাৰ্থীগৰাকীক ৷

কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ

হাজাৰৰো অধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰশান্ত কুমাৰ শইকীয়াক লগত লৈ কলিয়াবৰৰ প্ৰতিটো পঞ্চায়ত, ব্লকত পদযাত্ৰা বাহিৰ কৰে ৷ উক্ত পদযাত্ৰাত দলীয় সমৰ্থকসকলে 'কংগ্ৰেছ জিন্দাবাদ', 'প্ৰশান্ত কুমাৰ শইকীয়া জিন্দাবাদ' আদি শ্ল'গান দিয়ে । গাঁৱে-গাঁৱে পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখে শইকীয়াই । কলিয়াবৰৰ প্ৰতিটো পঞ্চায়ত, ব্লকত পদযাত্ৰাৰে শনিবাৰৰে পৰা নিৰ্বাচনী প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে কংগ্ৰেছে । ২৭ তাৰিখে কলিয়াবৰত নতুন দিগন্তৰ সূচনা হ'ব আৰু কলিয়াবৰৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে বুলি পদযাত্ৰাত ভাগ লোৱা নিৰ্বাচনী প্ৰাৰ্থী শইকীয়াই মন্তব্য কৰে ৷

লগতে পঢ়ক: বিধায়ক প্ৰদীপ হাজৰিকাক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.