ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ - মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁও জিলাত কংগ্ৰেছৰ প্ৰতিবাদ ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Feb 6, 2021, 6:05 PM IST

নগাঁও ,৬ ফেব্ৰুৱাৰী: ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্ৰতিবাদ সাব্য়স্ত কৰে । পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলে । পেট্ৰ'ল পাম্পৰ সন্মুখত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা ডা০ দুৰ্লভ চমুৱা উপস্থিত থাকে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰতিবাদত অংশ লোৱা শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে নগাঁও চহৰ । ইফালে প্ৰতিবাদত অংশ লৈ প্ৰাক্তন বিধায়ক ডা০ দুৰ্লভ চমুৱাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । প্ৰতিবাদৰ জৰিয়তে অতি শীঘ্ৰে পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবী উত্থাপন কৰে বিৰোধী কংগ্ৰেছে ।

লগতে পঢ়ক:টীয়কত মূল্যবৃদ্ধি ৰোধৰ দাবীত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.