ETV Bharat / state

ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বঢ়মপুৰত কংগ্ৰেছৰ প্ৰতিবাদ - প্ৰতিবাদী কাৰ্যসূচী

পেট্ৰ'ল আৰু ডিজেলৰ বৰ্ধিত মূল্য হ্ৰাস কৰাৰ দাবীত শুকুৰবাৰে সমগ্ৰ দেশতে প্ৰতিবাদ(PROTEST) সাব্যস্ত কৰে ভাৰতীয় জাতীয় কংগ্ৰেছে(INC) । নগাঁৱতো ৰাঙলু পেট্ৰ'ল পাম্পৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ(Congress)ৰ কৰ্মকৰ্তাই ।

Congress protest against petrol price hike in Barhampur
বঢ়মপুৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Jun 11, 2021, 7:39 PM IST

বঢ়মপুৰ, ১১ জুন : কভি'ডসৃষ্ট পৰিস্থিতি(COVID SITUATION)ত ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধি(Price Hike)য়ে ৰামটাঙোন সোধাইছে দেশবাসীক । পেট্ৰ'ল আৰু ডিজেলৰ মূল্য নিয়ন্ত্ৰণৰ দাবীত শুকুৰবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

অসমতো প্ৰদেশ কংগ্ৰেছৰ আহ্বানত জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ(Congress) কৰ্মীসকলে । নগাঁৱতো বঢ়মপুৰ সমষ্টিৰ ৰাঙলু পেট্ৰ'ল পাম্পৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

নৰেন্দ্ৰ মোডী হায় হায়, অসম চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল'গানেৰে ৰাঙলু পেট্ৰ’ল পাম্পৰ পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে । পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ।

লগতে পঢ়ক:পৰিয়াল পৰিকল্পনা নীতি গ্ৰহণ কৰক সংখ্যালঘু সম্প্ৰদায়ে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.