কলিয়াবৰ,8 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল ৷ আন আন সমষ্টিসমূহৰ দৰে কলিয়াবৰ সমষ্টিটো নিৰ্বাচনী ৰণলৈ সাজু হৈছে প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়া ৷ শইকীয়াক টিকট প্ৰদানৰ পাচতে উৎফুল্লিত হৈ পৰিছে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মীসকল ৷ দেওবাৰে নিশা নিজ সমষ্টিত উপস্থিত হোৱাৰ লগে লগে প্ৰাৰ্থী গৰাকীক উষ্ম আদৰণি জনাই শুভাকাংক্ষীসকলে ৷ কলিয়াবৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰশান্ত কুমাৰ শইকীয়াই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈয়ে বিভিন্ন সমস্যাৰ কথা দোহৰাৰ লগতে সমষ্টিবাসীৰ সৰ্বাংগীণ উন্নয়ণৰ বাবে কাম কৰিব বুলি দৃঢ়তাৰে সংকল্প লয় ৷ লগতে সমষ্টিটোৰ জাতি-জনগোষ্ঠীৰ মাজত ভেদভাৱ নাৰাখি উন্নয়নৰ ক্ষেত্ৰত কৃপণালি নকৰে বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰশান্ত কুমাৰ শইকীয়াই ৷
ইফালে,সমষ্টিটোৰ আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা প্ৰদীপ বৰুৱাই প্ৰশান্ত কুমাৰ শইকীয়াৰ সন্দৰ্ভত কয়, মন্ত্ৰী কেশৱ মহন্তৰ পাঁচ বছৰীয়া অপশাসনৰ পাচত কলিয়াবৰবাসীয়ে এজন ভাল নেতা পাইছে ৷ মহন্তৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক ওফৰাই 27 মাৰ্চত সমষ্টিবাসীয়ে উচিত প্ৰত্যুত্তৰ দিব ৷
উল্লেখ্য যে, পূৰ্বৰ তুলনাত কংগ্ৰেছ দলৰ দলীয় প্ৰাৰ্থীক লৈ যি উছাহ-উদ্দীপনা দেখা গৈছে তাকে লৈ সমষ্টিটোত মূল নিৰ্বাচনী ৰণখন অগপ-কংগ্ৰেছৰ মাজত হ'ব বুলিও মত প্ৰকাশ কৰিছে একাংশই ৷ কিন্তু পৰৱৰ্তী সময়তহে দেখা যাব সমষ্টিবাসীয়ে কাক প্ৰদান কৰে সমষ্টিৰ দায়িত্ব ৷
লগতে পঢ়ক: ডিমৌত নিৰ্বাচনী হিংসা: গুৰুতৰভাৱে আহত কংগ্ৰেছ কৰ্মী