ETV Bharat / state

বটদ্ৰৱাত কংগ্ৰেছৰ সম্বৰ্ধনা অনুষ্ঠান

author img

By

Published : Jun 11, 2020, 10:12 PM IST

কৰ’ণাৰ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে চৰকাৰে বলবৎ কৰা নিষেধাজ্ঞা উলংঘন কৰাৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে ৷ বটদ্ৰৱাত কেইবাশতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হ’ল কংগ্ৰেছৰ ৰাজহুৱা সভা ৷

congress violate government rules in batadrava
বটদ্ৰৱাত কেইবাশতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হ’ল কংগ্ৰেছৰ ৰাজহুৱা সভা

বটদ্ৰৱা, 11 জুনঃ নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলক সম্বধনা জ্ঞাপন কৰিলে কংগ্ৰেছ দলে ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,গৌতম বৰাকে ধৰি বহুকেইজন কংগ্ৰেছী নেতাৰ উপস্থিতিত ৰাজহুৱা সভাখন অনুষ্ঠিত কৰা হয় ৷ দলংঘাট ব্লক কংগ্ৰেছৰ উদ্যোগত উদ্যোগত অনুষ্ঠিত সভাখনত উপস্থিত থাকে প্ৰায় দুই শতাধিক ব্যক্তি ৷

উল্লেখযোগ্য যে,সম্প্ৰতি ৰাজ্য চৰকাৰে ক’ৰণা ভাইৰাছৰ বিভীষিকাৰ বাবে 50 জনতকৈ অধিক ব্যক্তিৰ সমাবেশেৰে অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি ৰাখিছে যদিও দুই শতাধিক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠান অনুষ্ঠিত কৰাত স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়কঃ ৰাজস্থানত ঘোচ লৈ আটক চিকিৎসক আৰু কনিষ্ঠ অভিযন্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.