ETV Bharat / state

প্ৰথম পৃষ্ঠাৰ খবৰহে আমি বেছি গুৰুত্ব দিওঁ : সাংসদ গৌৰৱ - ভাৰত জোড়ো ন্যায় যাত্ৰা

Congress MP Gaurav Gogoi : মোদী চৰকাৰৰ বিৰুদ্ধে হৈছে সৰৱ সাংসদ গৌৰৱ গগৈ ৷ 10 বছৰীয়া মোদী চৰকাৰৰ অন্যায় কালৰ বিৰুদ্ধেহে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ উলিওৱা হৈছে বুলি ক’লে সাংসদ গগৈয়ে ৷

congress mp gaurav gogoi slams modi govt
প্ৰথম পৃষ্ঠাৰ খবৰহে আমি বেছি গুৰুত্ব দিওঁ
author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 2:08 PM IST

Updated : Jan 17, 2024, 2:25 PM IST

কলিয়াবৰ, 17 জানুৱাৰী : ‘‘মণিপুৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাই মোদী চৰকাৰৰ 10 বছৰীয়া 'অন্যায় কাল'ৰ বিৰুদ্ধে উলিওৱা যাত্ৰা ৷’’ মঙলবাৰে কলিয়াবৰত উপস্থিত হৈ এই মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷ বৰ্তমান চৰকাৰখনে দেশবাসীৰ প্ৰতি যি অন্যায়, অত্যাচাৰেৰে কুশাসন চলাইছে তাৰ বিৰুদ্ধে দেশবাসীক সচেতন কৰাৰ লক্ষ্যৰে ভাৰত ন্যায় যাত্ৰা কৰা হৈছে বুলি সাংসদ গগৈয়ে কয় ।

দেশত বলিছে নিৰ্বাচনী বতাহ। সক্ৰিয় হৈ পৰিছে দেশৰ ৰাজনৈতিক দলসমূহ । ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে কংগ্ৰেছেও মণিপুৰৰ পৰা আৰম্ভ কৰিছে এক প্ৰকাৰ নিৰ্বাচন কেন্দ্ৰীক অভিযান । ইফালে ভাৰত জোড়ো ন্যায় যাত্ৰাই 21 জানুৱাৰীত অসমৰ গহপুৰত কনকলতাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই বিশ্বনাথ চাৰিআলিলৈ যাত্ৰা কৰিব । বিশ্বনাথত পদযাত্ৰা কৰি জামুগুৰিহাটৰ পৰা কলিয়াবৰলৈ যাত্ৰা কৰি কলিয়াবৰত এখন জনসভাত ভাগ ল’ব ৰাহুল গান্ধীয়ে ৷ সেইয়ে দলীয়া কৰ্মীৰ সৈতে প্ৰস্তুতি সম্পৰ্কে বুজ ল’বলৈ মঙলবাৰে কলিয়াবৰত উপস্থিত হয় সাংসদ গৰাকী ৷

মোদী চৰকাৰক সমালোচনা কৰি সাংসদ গগৈয়ে কয়, ‘‘মণিপুৰ জ্বলি থকাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এবাৰো ৰাজ্যখনলৈ যাবলৈ ইচ্ছা প্ৰকাশ নকৰিলে। বিপৰীতে ৰাহুল গান্ধীয়ে দ্বিতীয়বাৰৰ বাবে মণিপুৰত উপস্থিত হৈ ৰাজ্যবাসীৰ কাষত উপস্থিত হৈছে ৷’’ তেওঁ পুনৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কথা উল্লেখ কৰি কয় যে, এই যাত্ৰা নিৰ্বাচনী যাত্ৰা নহয়, এক আদৰ্শগত যাত্ৰা আৰু এই যাত্ৰা মোদী চৰকাৰৰ অন্যায় বিৰুদ্ধে উলিওৱা যাত্ৰা ।

ইফালে কলিয়াবৰৰ সলনি যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি ওলোৱা খবৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘দলৰ শীৰ্ষ নেতাই যি কয় সেয়াই হ’ব ৷ যিকোনো গছীপ ওলাই থাকিব ৷ আমি সেইবিলাকক দিল্লীত পেজ 3 নিউজ বুলি কওঁ ৷ আমি প্ৰথম পৃষ্ঠাৰ বাতৰিকহে বেছিকৈ গুৰুত্ব দিয়া হয় ৷ এনে ধৰণৰ খবৰ ওলাইয়ে থাকিব ৷’’

আনহাতে ইণ্ডি মিত্ৰজোঁটৰ নেতৃত্বক নিৰ্বাচনী আয়োগে সাক্ষাৎ দিয়া নাই বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয়, ‘‘কেন্দ্ৰীয় নিৰ্বাচন আয়োগ কোনো বিশেষ ৰাজনৈতিক দলৰ নহয় ৷ ৰাইজৰ কথা লৈহে আমি নিৰ্বাচন আয়োগৰ ওচৰলৈ যাব বিচাৰিছো ৷ কিন্তু তেওঁলোকে ৰাইজৰ কথা শুনিব বা জানিব বিচৰা নাই ৷’’

লগতে পঢ়ক : কলিয়াবৰত বাছৰ খুন্দাত থিতাতে নিহত শিশু

Last Updated : Jan 17, 2024, 2:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.