ETV Bharat / state

বিজেপি চৰকাৰক মিছলীয়া আখ্যা নুৰুল হুদাৰ

author img

By

Published : Oct 31, 2020, 4:56 PM IST

নগাৱঁত কংগ্ৰেছৰ সত্যাগ্ৰহ আৰু অনশন কাৰ্য্যসূচী। বিজেপিক জনসাধাৰণ বিৰোধী চৰকাৰ আখ্যা বিধায়ক নুৰুল হুদাৰ।

congress mla nurul huda says BJP government is a fraud

নগাঁও 31 অক্টোবৰ : কিষাণ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ লগতে নগাঁৱতো জিলা কংগ্ৰেছৰ উদ্যোগত গ্ৰহণ কৰে সত্যাগ্ৰহ আৰু অনশন কাৰ্যসূচী । চৰকাৰে কৃষক বিৰোধী তিনিখনকৈ আইনৰ জৰিয়তে কৃষকৰ সকলো ক্ষমতা পুঁজিপতিৰ হাতত গতাই দিয়াৰ চক্ৰান্ত কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে গ্ৰহণ কৰিছে সত্যাগ্ৰহ আৰু অনশন কাৰ্যসূচীৰ ।

অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদা । বিজেপি চৰকাৰক মিছলীয়া চৰকাৰ আখ্যা দি বিধায়ক নুৰুল হুদাই কয় যে, জনসাধাৰণৰ কল্যাণৰ কাৰণে কোনো কাম নকৰা চৰকাৰখনে নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু এই চৰকাৰৰ দিনতেই চাকৰি হেৰুৱাবলগীয়া হৈছে ব্যক্তিগত খণ্ডৰ বহু যুৱক-যুৱতীয়ে । বিজেপি চৰকাৰে কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰা বুলিও অভিযোগ উত্থাপন কৰে বিধায়ক নুৰুল হুদাই ।

বিজেপি চৰকাৰক মিছলীয়া আখ্যা নুৰুল হুদাৰ

পূৰ্বে পিয়াঁজৰ দাম প্ৰতি কেজি দহ টকা হওঁতেই প্ৰতিবাদ কৰা বিজেপি চৰকাৰৰ দিনত পিয়াঁজৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি হোৱা বুলিও উল্লেখ কৰি চৰকাৰক কটাক্ষ কৰে বিধায়ক গৰাকীয়ে ।

লগতে পঢ়ক : বৰপেটাৰ পহুমাৰা নৈৰ মাজত ওলমি আছে দুখনকৈ কাঠৰ দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.