ETV Bharat / state

শক্তিহীন হৈছে কংগ্ৰেছ: অকপট স্বীকাৰ বিধায়ক নুৰুল হুদাৰ - MLA Nurul Huda comments on Congress

নগাঁও জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি সুৰেশ বৰাক দায়িত্ব অৰ্পন কৰা সভাত একেলগে দেখা গ'ল প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনক । তৃণমূল কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য সাংসদ গৌৰৱ গগৈৰ । অসমীয়া ল'ৰাই কিয় যোগদান কৰে আলফাত ? তাৰো ব্যাখ্যা কৰিলে গৌৰৱ গগৈয়ে । কংগ্ৰেছ শক্তিহীন বুলি অকপট স্বীকাৰোক্তি বিধায়ক নুৰুল হুদাৰ (MLA Nurul Huda comments on Congress)।

MLA Nurul Huda comments on Congress
শক্তিহীন হৈছে কংগ্ৰেছ: অকপট স্বীকাৰ বিধায়ক নুৰুল হুদাৰ
author img

By

Published : Apr 22, 2022, 9:57 PM IST

নগাঁও, 22 এপ্ৰিল: কংগ্ৰেছ কাৰো পৈতৃক সম্পত্তি নহয় । নগাঁও জিলা কংগ্ৰেছ ভৱনত এই মন্তব্য সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । দীৰ্ঘদিনে নগাঁও কংগ্ৰেছ কেৱল ৰকিবুল হুছেইনৰ নিৰ্দেশত চলাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে হঠাৎ সাংসদগৰাকীয়ে জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈ কৰা এই মন্তব্যই বহন কৰিছে বিশেষ তাৎপৰ্য্য । নগাঁও জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি সুৰেশ বৰাক দায়িত্ব অৰ্পন কৰা এই সভাতে সাংসদগৰাকীয়ে কৰে এই মন্তব্য (New president of Nagaon Congress)।

উল্লেখযোগ্য যে, ৰকিবুল হুছেইনৰ লগতে সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক নুৰুল হুদাও উপস্থিত আছিল এই সভাখনত । আনহাতে পৱন সিং ঘাটোৱাৰ কোনো কাৰণতে কংগ্ৰেছ এৰি নাযায় বুলিও মন্তব্য কৰি বৰদলৈয়ে কয়, এয়া বিজেপি আৰু একাংশ সংবাদ মাধ্যমৰ অপপ্ৰচাৰহে । সভাখনত উপস্থিত থাকি মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ । তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীক পশ্চিমবংগৰ বাহিৰে আন ৰাজ্যৰ মানুহে চিনি নাপায় বুলি তীৰ্যক মন্তব্য গৌৰৱ গগৈৰ ।

শক্তিহীন হৈছে কংগ্ৰেছ: অকপট স্বীকাৰ বিধায়ক নুৰুল হুদাৰ

অসমত তৃণমূলৰ কোনো ভেটি নথকা স্বত্বেও কেৱল ৰিপুন বৰাৰ যোগদানৰ পিছতেই তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে মন্তব্য আৰম্ভ কৰা বিষয়টোৱেও লাভ কৰিছে বিশেষ চর্চা ।

আনহাতে আপৰ উত্থান সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে, তিনিমাহৰ পিছতে আপক মানুহে পাহৰি যাব । অসমীয়া যুৱকে আলফাত যোগদান কৰাৰো বাখ্যা আগবঢ়ালে সাংসদ গৌৰৱ গগৈয়ে । ইপিনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বৃহৎ ৰাজনৈতিক দল কংগ্ৰেছ বৰ্তমান শক্তিহীন হৈছে বুলিও অকপটে স্বীকাৰ কৰিলে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই ।

নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাক কাষত বহুৱাই লৈ বিধায়ক নুৰুল হুদাই কৰা এই মন্তব্যই বহন কৰিছে তাৎপৰ্য । তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে কংগ্ৰেছ দেশৰ ভিতৰতে শক্তিশালী দল বুলি দলটোৰ একাংশ নিষ্ঠাবান নেতাই প্ৰচাৰ কৰাৰ সময়তে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই নিজেই দিলে দলটোক শক্তিহীন আখ্যা (MLA Nurul Huda comments on Congress)। আনহাতে ৰিপুণ বৰাৰ দলত্যাগে কংগ্ৰেছক ব্যাপক ক্ষতি কৰিছে বুলিও মন্তব্য কৰে বিধায়ক নুৰুল হুদাই (Ripun Bora quits Congress)।

লক্ষ্যণীয়ভাৱে জিলা কংগ্ৰেছৰ সাংগঠনিক সভাত অনুপস্থিত থাকিল বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা । সভা আধাতে এৰি অন্য ঠাইলৈ ৰাওনা হয় চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন ৷

লগতে পঢ়ক: অসমত 'আপ'ৰ উত্থানকলৈ শংকিত কোন ? বিজেপি নে কংগ্ৰেছ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.