ETV Bharat / state

মোডী চৰকাৰৰ সমালোচনা কৰিলেই জেলত ভৰাই থয়ঃ প্ৰদ্যুৎ বৰদলৈ - congress meeting

কামপুৰ বকুলগুৰি নলাপাৰা আৰু লংজাপত সাংসদ প্ৰদ্যুৎ বৰদলৈক অভিনন্দন জনোৱাৰ উদ্দেশ্যে দুখনকৈ বিশাল ৰাজহুৱা সভা । সভাত ধৰ্ম নিৰপেক্ষ দেশত নগাঁও সংসদীয় সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শোষিত বঞ্চিত লোক সকলৰ হৈ সংসদৰ মজিয়াত এক কণ্ঠ হৈ থিয় দিম ৷ লগতে বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰ খনক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, মোডী চৰকাৰৰ সমালোচনা কৰিলেই জেলত ভৰাই থয় বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

প্ৰদ্যুৎ বৰদলৈ
মোডী চৰকাৰৰ সমালোচনা কৰিলেই জেলত ভৰাই থয়ঃ প্ৰদ্যুৎ বৰদলৈ
author img

By

Published : Feb 25, 2020, 4:21 AM IST

Updated : Feb 25, 2020, 8:03 AM IST

নগাঁও,24 ফেব্ৰুৱাৰীঃ নগাঁও ১০ নং লোকসভা সমষ্টিৰ অন্তৰ্গত বকুলগুৰি নলাপাৰা আৰু লংজাপত সাংসদ প্ৰদ্যুৎ বৰদলৈক অভিনন্দন জনোৱাৰ উদ্দেশ্যে দুখনকৈ বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ স্বাধীনতাৰ পাছৰে পৰা বহু সাংসদ আহিল আৰু গ'ল কিন্তু কোনো এজন সাংসদৰ পদধূলা বকুলগুৰি অঞ্চলত নপৰিল ৷ যাৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈক উস্ম আদৰণি জনাবলৈ পায় উ‌ৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ সভাত উপস্থিত থাকি সাংসদ প্ৰদ্যুৎ মন্তব্য কৰে যে "ধৰ্ম নিৰপেক্ষ দেশত নগাঁও সংসদীয় সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শোষিত বঞ্চিত লোক সকলৰ হৈ সংসদৰ মজিয়াত এক কণ্ঠ হৈ থিয় দিম ৷

মোডী চৰকাৰৰ সমালোচনা কৰিলেই জেলত ভৰাই থয়ঃ প্ৰদ্যুৎ বৰদলৈ

লগতে বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰ খনক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, মোডী চৰকাৰৰ সমালোচনা কৰিলেই জেলত ভৰাই থয় ৷ দেশ খনক হিন্দু মুছলিমৰ মাজত ভাগ ভাগ নকৰি সকলোকে একগোট কৰি আগুৱাই নিবলৈ চৰকাৰক আহ্বান জনায় ৷ এই সভাতে বকুলগুৰি অঞ্চলৰ গঢ়াখহনীয়াকে ধৰি বিভিন্ন সমস্যা সমূহ সমাধান কৰিবৰ বাবে সাংসদ গৰাকীক অৱগত কৰে ৷ উল্লেখ্য যে কঠিয়াতলী ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভা দুখনত ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস,শশী দাস,দ্বীপ দাস,ইন্দ্ৰ মোহন দাস আৰু ছাইফুল ইছলামৰ লগতে বহু কংগ্ৰেছ নেতা উপস্থিত থাকে ৷

আৰু পঢ়কঃ NSCN আৰু আছাম ৰাইফলছৰ সংঘৰ্ষত গুলীবিদ্ধ সাধাৰণ নাগৰিক

Last Updated : Feb 25, 2020, 8:03 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.