ৰূপহীহাট,15 জুন: ৰাজ্যত পুনৰ পোহৰলৈ আহিছে সাংবাদিক(Journalist)ৰ ওপৰত আক্ৰমণৰ ঘটনা ৷ এইবাৰ ৰূপহীহাটত ৰাইজৰ আক্ৰমণৰ বলি হ’ব লগা হ’ল সাংবাদিক(Journalist) ৷ এই ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াৰ বগৰিগুৰি পঞ্চায়তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
জুৰীয়াৰ বগৰিগুৰি পঞ্চায়তত বিগত কিছু দিনৰ পৰা দুৰ্নীতি সংঘটিত হৈ থকাৰ অভিযোগৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত সাংবাদিকৰ এটা দলক আক্ৰমণ কৰে কংগ্ৰেছী গুণ্ডা বাহিনী(Hooliganism)য়ে ৷ উল্লেখ্য যে, বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল শিবেন্দু বৰা, ৰাব্বুল হছেইন, খাইৰুল ইছলাম, তমিজ উদ্দিন, ৰেজাউল ইছলামৰ লগতে কেবাগৰাকীও সাংবাদিক(Journalist) ৷
উল্লেখ্য যে, উক্ত পঞ্চায়তটোৰ দুৰ্নীতি সম্পৰ্কে নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক প্ৰশ্ন কৰাত কিছু অস্বস্তিত পৰিছিল বিষয়াগৰাকী ৷ যাৰ ফলত সেই স্থান এৰি পলায়ণ কৰিছিল বিষয়া গৰাকী ৷ সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ বিষয়া গৰাকীয়ে সেই স্থানৰ পৰা পলায়ন কৰাৰ পাচতেই আক্ৰমণৰ সন্মুখীন হয় সাংবাদিক(Journalist)ৰ দলটো ৷ অভিযোগ অনুসৰি, কংগ্ৰেছী নেতা তথা বৰ্তমানৰ বগৰিগুৰি গাঁও পঞ্চায়তৰ সভাপতি ৰিয়াজুল হক আৰু ভেৰোণীয়া গুণ্ডাবাহিনী(Hooliganism)য়ে সাংবাদিক(Journalist)ৰ দলটোৰ ওপৰত চলাইছিল আক্ৰমণ ৷
এনে অৱস্থাত উপায়ন্তৰ হৈ সেই স্থান এৰি পলাবলৈ বাধ্য হৈছিল সাংবাদিক(Journalist) সকল ৷ পাচত ভোক্তভোগী সাংবাদিক(Journalist) সকলে জুৰীয়া থানাত উপস্থিত হৈ আক্ৰমণকাৰীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ৷ লগতে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবি জনাই ভোক্তভোগী সাংবাদিক(Journalist) সকলে ৷
লগতে পঢ়ক: ত্ৰিপুৰাত 4 নাবালিকাক ধৰ্ষণ: আটক 7 অভিযুক্ত