ETV Bharat / state

জিলা প্ৰশাসনৰ বিৰুদ্ধে গোচৰ ৰুজু কংগ্ৰেছ নেতাৰ

বিধায়ক আমিনুল ইছলামৰ পিতৃ মুফটি খাইৰুল ইছলামৰ জানাজাত হোৱা জনসমাগমৰ বাবে জিলা প্ৰশাসনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কংগ্ৰেছ নেতা মৃণাল হাজৰিকাৰ । জানাজাক লৈও চৰকাৰে ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কংগ্ৰেছ নেতাগৰাকীৰ ৷

জিলা প্ৰশাসনৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কংগ্ৰেছ নেতাৰ

author img

By

Published : Jul 8, 2020, 6:19 PM IST

নগাঁও, 8 জুলাই : বিধায়ক আমিনুল ইছলামৰ পিতৃ মুফতি খাইৰুল ইছলামৰ জানাজাত হোৱা জনসমাগমক লৈ ইতিমধ্যে চাৰিটাকৈ গোচৰ ৰুজু হোৱাৰ পিছত এইবাৰ প্ৰশাসনৰ বিৰুদ্ধে বুধবাৰে এজাহাৰ দাখিল কৰিছে এগৰাকী কংগ্ৰেছ নেতাই । জানাজাক লৈ চৰকাৰে ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা মৃণাল হাজৰিকাই ।

জিলা প্ৰশাসনৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কংগ্ৰেছ নেতাৰ

উল্লেখ্য যে, জানাজাৰ সময়ত জিলাখনত ১৪৪ ধাৰা জাৰি কৰিব লাগিছিল বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । জিলা প্ৰশাসনক জগৰীয়া কৰি নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে মৃণাল হাজৰিকাই । অৱশ্যে তেওঁৰ এই গোচৰ সম্পূৰ্ণৰূপে ব্যক্তিগত বুলি তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক : তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মৃত্যু কৰ'ণা আক্ৰান্ত লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.