ETV Bharat / state

Nagaon Lok Sabha constituency: নেতৃত্বক লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাতো সৃষ্টি হ’ব নেকি বিসম্বাদ !

নগাঁৱৰ ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা ৷ হাতত হেংদাং লৈ বিজেপিৰ বিৰুদ্ধে যেন যুদ্ধ ঘোষণা কংগ্ৰেছৰ । ঢাল-তৰোৱাল লৈ সাজু ভূপেন বৰা । পিছে ২৪ৰ লোকসভা নিৰ্বাচনত কোনে নেতৃত্ব দিব কংগ্ৰেছক, সেয়া বৰ্তমান সময়ত এক চৰ্চিত বিষয় হৈ পৰিছে ৷ কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈৰ নামো এই ক্ষেত্ৰত বিশেষভাৱে চৰ্চিত হৈছে ৷

Congress launch Lok Sabha election campaign
নগাঁৱত লোকসভা নিৰ্বাচনৰ ৰণশিঙা কংগ্ৰেছৰ
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 8:46 PM IST

নগাঁৱত লোকসভা নিৰ্বাচনৰ ৰণশিঙা কংগ্ৰেছৰ

নগাঁও, ২৪ আগষ্ট: নগাঁৱৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে যেন আবতৰীয়া বিহু । হাতত ঢোল লৈ এয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । সাংসদ প্ৰদ্যুৎ বৰদলৈৰ হাতত জুনুকা, হঠাৎ এক উৎসৱমুখৰ পৰিবেশ নগাঁও ৰাজীৱ ভৱনত । ইয়াৰ মাজতে ঝুমুৰৰ তালে তালে নাচিলে বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে । কেৱল এয়াই নহয়, নগাঁও ৰাজীৱ ভৱনতেই হাতত হেংদাং লৈ বিজেপিৰ বিৰুদ্ধে যেন যুদ্ধ ঘোষণা কংগ্ৰেছৰ । জিলা কংগ্ৰেছৰ কাৰ্যালয়ত ঢাল-তৰোৱাল লৈ সাজু ভূপেন বৰা । ভূপেন বৰাৰ লগতে ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া আৰু নুৰুল হুদাৰ ৰণহুংকাৰ ।

বৃহস্পতিবাৰে নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছৰ সামাজিক মাধ্যমৰ এক প্ৰশিক্ষণ শিবিৰ ৷ এই শিবিৰত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ কেইবাগৰাকীও কংগ্ৰেছ নেতাই । নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ সামাজিক মাধ্যমৰ প্ৰশিক্ষণ শিবিৰৰ পৰাই যেন লোকসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিলে কংগ্ৰেছে ।

ইফালে লোকসভাৰ মজিয়াত নানা প্ৰশ্ন উত্থাপন কৰি বিগত কিছুদিন ধৰি ৰাজ্যৰ ৰাজনীতিত চৰ্চিত সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈ । গৌৰৱ গগৈয়েই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'ব বুলিও সৰ্বত্ৰে চলিছে চর্চা । ইয়াৰ মাজতে গৌৰৱ গগৈক সৰু ল'ৰা আখ্যা দি সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে যেন এইবাৰ সুৰ মিলালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ সামাজিক মাধ্যমৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য । গৌৰৱ গগৈৰ বয়স কম । সেয়ে উঠি অহা প্ৰজন্মক নেতৃত্ব দিব পৰাকৈ প্ৰস্তুত হৈছে গৌৰৱ গগৈ । কিন্তু তেওঁৰ কথাত যেন উমান পোৱা গ’ল অলপ অসন্তুষ্টিৰ ৷

ইপিনে বিজেপিত চলি থকা দলীয় সংঘাতক লৈয়ো মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই । মুখ্যমন্ত্ৰীয়ে ন-পুৰণিৰ সংঘাত কংগ্ৰেছৰ সৃষ্ট বুলি কোৱাটো হাস্যকৰ বুলি অভিহিত কৰিলে ভূপেন বৰাই । বিজেপি নেতা ৰাজেন গোঁহাই, সিদ্ধাৰ্থ ভট্টাচাৰ্যই কংগ্ৰেছৰ কথা কোৱা নাই বুলি উল্লেখ কৰি ভূপেন বৰাৰ মন্তব্য । ২০১৫ চনত কংগ্ৰেছক ক্ষতিগ্ৰস্ত কৰা বিসম্বাদৰ ৰোগে এতিয়া তিলতিলকৈ শেষ কৰিব বিজেপিক ।

এতিয়া যিটো প্ৰশ্নই ব্যাপক চৰ্চা লাভ কৰিছে সেয়া হ’ল, সঁচাকৈয়ে ২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছক নেতৃত্ব দিব নেকি সাংসদ গৌৰৱ গগৈয়ে । সাংসদ গৌৰৱ গগৈৰ নেতৃত্ব মানি ল’বনে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে ৷ নেতৃত্বক লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাতো সৃষ্টি হ’ব নেকি আন এক সংঘাত ? সেয়া যদিও এই মূহুৰ্তত অস্পষ্ট, এই কথা স্পষ্ট যে নগাঁও ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ সামাজিক মাধ্যমৰ প্ৰশিক্ষণ শিবিৰৰ পৰাই যেন লোকসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিলে কংগ্ৰেছে ।

লগতে পঢ়ক: 2004 Dhemaji Blast: ধেমাজি কাণ্ডৰ ৰায়দান সন্দৰ্ভত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.