ETV Bharat / state

ভূমিক কেন্দ্ৰ কৰি নগাঁৱৰ এখন নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Oct 5, 2020, 7:12 PM IST

নগাঁও চহৰৰ হুজ বকুলতলস্থিত ডিউ কেয়াৰ নামৰ নাৰ্ছিংহোম খনত সোমবাৰে দুপৰীয়া সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ভূমি দখলক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ ৷

ব্যক্তিগত নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

নগাঁও, 5 অক্টোবৰ: ভূমি দখলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ৷ নগাঁও চহৰৰ ধিং গেটৰ এটা দলে শিলগুটি নিক্ষেপ কৰি ক্ষতিগ্ৰস্ত কৰে নাৰ্ছিং হোমখনৰ আচবাব আৰু কেইবাখনো বহন ৷ নগাঁও চহৰৰ হুজ বকুলতলস্থিত ডিউ কেয়াৰ নামৰ নাৰ্ছিংহোম খনত সোমবাৰে দুপৰীয়া সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ নাৰ্ছিং হোম খনৰ গাতে লাগি থকা এডোখৰ মাটিক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

ভূমিক কেন্দ্ৰ কৰি নগাঁৱৰ এখন নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

নাৰ্ছিং হোম ডিউ কেয়াৰৰ স্বত্বাধিকাৰী ডাক্তৰ ফৰিদুল ইছলামে ক্ৰয় কৰা এবিঘা মাটি বলপূৰ্বকভাবে দখল কৰিবলৈ দলটোৱে চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে চিকিৎসকগৰাকীয়ে ৷ দলটোয়ে শিলগুটি নিক্ষেপ কৰি নাৰ্চিং হোম খনৰ ক্ষতিসাধন কৰাত হুৱাদুৱা লাগে চিকিৎসালয় খনত চিকিৎসাধীন ৰোগী আৰু আত্মীয়ৰ মাজত ৷ সেই ঘটনাত গুৰুতৰভাবে আহত হয় নাৰ্ছিং হোম খনৰ ৬ জনকৈ কৰ্মচাৰী ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷

লগতে পঢ়ক: পথ মেৰামতিৰ দাবীত নগাঁৱত সাংবাদিকৰ একক প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.