ETV Bharat / state

হাতী মানুহৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ বিশেষ পদক্ষেপ - elephant and man news

ৰংহাং কাৰ্বি গাঁৱৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত স্থানীয় ৰাইজে লোৱা হাতী মানুহৰ সংঘাত ৰোধৰ পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ

হাতী মানুহৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ বিশেষ পদক্ষেপ
author img

By

Published : Aug 15, 2019, 11:45 PM IST

নগাঁও,15 আগষ্টঃ নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলত হস্তী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত দূৰ কৰিবৰ বাবে নগাঁৱৰ চাপানালাৰ নিকটৱৰ্ত্তী ৰংহাং কাৰ্বি গাঁৱত প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত স্থানীয় ৰাইজে হাতত লোৱা অভিনৱ পদক্ষেপৰ প্ৰভাৱ এতিয়া হৈ পৰিছে সুদূৰ প্ৰসাৰী । ভৈয়ামৰ কৃষকে খেতি চপোৱাৰ সময়ত বনৰীয়া হাতীক খাদ্য যোগান ধৰিবৰ বাবে ৰংহাং কাৰ্বি গাঁৱৰ পাহাৰৰ নামনিত কৰা প্ৰায় দুশ বিঘা ধান খেতিৰ লগতে ৰঙামাটি পাহাৰত প্ৰায় ২৫তকৈও অধিক বিঘা মাটিত কৰা নেফিয়াৰ ঘাঁহৰ খেতিয়ে ৰাজ্যৰ বন বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷উল্লেখযোগ্য যে, যোৱা জুলাই মাহত ৰংহাং গাঁৱৰ সেই বিশেষ পথাৰ খনৰ কাষতে অতি আড়ম্বৰপূৰ্ণ ভাবে গাওঁ বাসীৰ সহযোগত বিনোদ দুলু বৰাই শুভাৰম্ভ কৰিছিল কৃষিকৰ্মৰ।

হাতী মানুহৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ বিশেষ পদক্ষেপ

বনৰীয়া হাতীৰ বাবে কৰা কৃষিকাৰ্যৰ সবিশেষ তথ্য আহৰণ কৰিবলৈ ৰংহাং কাৰ্বি গাওঁ, বৰঘুলি, চাপানালা, ৰঙামাটি আদিত থকা বিস্তীৰ্ণ পথাৰ পৰিদৰ্শন কৰিলে অসম চৰকাৰৰ মুৰব্বী বন সংৰক্ষক বিষয়া অৰবিন্দ সিংৰ লগতে উত্তৰ অসমৰ বন সংৰক্ষক বিষয়া গৰাকীয়ে । খেতি কৰিবৰ বাবে ভূমিদান কৰা গাঁওবাসীক আৰু বিনোদ দুলু বৰাৰ লগতে তেওঁ নেতৃত্ব প্ৰদান কৰা সমগ্ৰ প্ৰক্ৰিয়াটোক চৰকাৰী ভাৱে আন্তৰ্জাতিক স্তৰত দাঙি ধৰাৰ প্ৰচেষ্টা হাতত লোৱা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে চৰকাৰী নিৰ্দেশ মৰ্মে নগাঁৱৰ চাপানালাত উপস্থিত হোৱা অসম চৰকাৰৰ মুৰব্বী বন সংৰক্ষক বিষয়া অৰবিন্দ সিঙে ।সমান্তৰাল ভাৱে বনৰীয়া হাতীক খাদ্য যোগান ধৰিব বাবে খেতি কৰিবলৈ ভূমি দানৰ দৰে এক মহৎ কাৰ্য কৰা স্থানীয় ৰাইজক আৰ্থিক দিশত স্ব-নিৰ্ভৰশীল কৰিবৰ কাৰণে চৰকাৰী বিশেষ আঁচনিৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণৰ জৰিয়তে সংস্থাপন সুবিধা দিয়াৰ আশ্বাস প্ৰদান কৰে উপস্থিত হোৱা উচ্চপদস্থ বন বিষয়া দুজনে। ইফালে হাতী-মানুহৰ সংঘাত দুৰ কৰাৰ প্ৰচেষ্টা হাতত লোৱা মূলতঃ স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ লগতে এই সমগ্ৰ কাৰ্যটো সুপৰিকল্পিত ভাবে আগবঢ়াই নিয়াত দুলু বৰাক সকলো দিশতে অনুপ্ৰাণিত কৰি অহা গুৱাহাটীৰ ৮৫ৰো উৰ্ধৰ বৰ্ষীয়ান ব্যক্তি প্ৰদীপ ভূঞাকো ভূয়সী প্ৰশংসা কৰা দেখা যায় উচ্চ পদস্থ বন বিষয়া দুজনে। অতি লক্ষণীয়ভাবে, হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত নিৰাময়ৰ বাবে কৃষিকাৰ্য কৰাৰ যি অভিনৱ পদ্ধতি বিনোদ দুলু বৰাৰ তৎপৰতাত ৰংহাং কাৰ্বি গাঁৱত কাৰ্যক্ষম হৈছে তাক অনুকৰণ কৰি ৰাজ্যৰ আন-আন সংঘাত প্ৰৱণ অঞ্চললৈ ইয়াক প্ৰসাৰিত কৰাৰ প্ৰচেষ্টা চৰকাৰীভাৱে বন বিভাগে শীঘ্ৰে হাতত ল'ব বুলি সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে উপস্থিত বন বিষয়া দুগৰাকীয়ে।

Intro:হস্তী মানুহৰ সংঘাত ৰোধৰ বাবে দুলু বৰাই গ্ৰহণ কৰা পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ। Body:নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী বৃহত্তৰ অঞ্চলত হস্তী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত দুৰ কৰিবৰ বাবে নগাঁৱৰ চাপানালাৰ নিকটৱৰ্ত্তী ৰংহাং কাৰ্বি গাঁৱত প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত স্থানীয় ৰাইজে হাতত লোৱা অভিনৱ পদক্ষেপৰ প্ৰভাৱ এতিয়া হৈ পৰিছে সুদূৰ প্ৰসাৰী। ভৈয়ামৰ কৃষকে খেতি চপোৱাৰ সময়ত বনৰীয়া হাতীক খাদ্য যোগান ধৰিবৰ বাবে ৰংহাং কাৰ্বি গাঁৱৰ পাহাৰৰ নামনিত কৰা *প্ৰায় দুশ বিঘা ধান খেতিৰ লগতে ৰঙামাটি পাহাৰত প্ৰায় ২৫তকৈও অধিক বিঘা মাটিত কৰা নেফিয়াৰ ঘাঁহৰ খেতিয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কেৱল ৰাজ্যৰ বন বিভাগৰে নহয়, কেন্দ্ৰীয় চৰকাৰৰো।* উল্লেখযোগ্য যে, যোৱা জুলাই মাহত ৰংহাং গাঁৱৰ সেই বিশেষ পথাৰ খনৰ কাষতে অতি আড়ম্বৰপূৰ্ণ ভাবে গাওঁ বাসীৰ সহযোগত বিনোদ দুলু বৰাই এক ভব্য অনুষ্ঠান পাতি শুভাৰম্ভ কৰিছিল কৃষিকৰ্মৰ। বনৰীয়া হাতীৰ বাবে কৰা কৃষিকাৰ্যৰ সবিশেষ তথ্য আহৰণ কৰিবলৈ ৰংহাং কাৰ্বি গাওঁ, বৰঘুলি, চাপানালা, ৰঙামাটি আদিত থকা বিস্তীৰ্ণ পথাৰ পৰিদৰ্শন কৰিলে অসম চৰকাৰৰ মুৰব্বী বন সংৰক্ষক বিষয়া অৰবিন্দ সিংৰ লগতে উত্তৰ অসমৰ বন সংৰক্ষক বিষয়া গৰাকীয়ে। *খেতি কৰিবৰ বাবে ভূমি দান কৰা গাঁও বাসীক আৰু বিনোদ দুলু বৰাৰ লগতে তেওঁ নেতৃত্ব প্ৰদান কৰা সমগ্ৰ প্ৰক্ৰিয়াটোক চৰকাৰী ভাবে আন্তৰ্জাতিক স্তৰত দাঙি ধৰাৰ প্ৰচেষ্টা হাতত লোৱা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে চৰকাৰী নিৰ্দেশ মৰ্মে নগাঁৱৰ চাপানালাত উপস্থিত হোৱা অসম চৰকাৰৰ মুৰব্বী বন সংৰক্ষক বিষয়া অৰবিন্দ সিঙে।* সমান্তৰাল ভাৱে বনৰীয়া হাতীক খাদ্য যোগান ধৰিব বাবে খেতি কৰিবলৈ *ভূমি দানৰ দৰে এক মহৎ কাৰ্য কৰা স্থানীয় ৰাইজক আৰ্থিক দিশত স্বনিৰ্ভৰশীল কৰিবৰ কাৰণে চৰকাৰী বিশেষ আঁচনিৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণৰ জৰিয়তে সংস্থাপন সুবিধা দিয়াৰ আশ্বাস* প্ৰদান কৰে উপস্থিত হোৱা উচ্চপদস্থ বন বিষয়া দুজনে। ইফালে হাতী-মানুহৰ সংঘাত দুৰ কৰাৰ প্ৰচেষ্টা হাতত লোৱা মূলতঃ স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ লগতে এই সমগ্ৰ কাৰ্যটো সুপৰিকল্পিত ভাবে আগবঢ়াই নিয়াত দুলু বৰাক সকলো দিশতে অনুপ্ৰাণিত কৰি অহা গুৱাহাটীৰ ৮৫ৰো উৰ্ধৰ বৰ্ষীয়ান ব্যক্তি প্ৰদীপ ভূঞাকো ভূয়সী প্ৰশংসা কৰা দেখা যায় উচ্চ পদস্থ বন বিষয়া দুজনে। অতি লক্ষণীয়ভাবে, হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত নিৰাময়ৰ বাবে কৃষিকাৰ্য কৰাৰ *যি অভিনৱ পদ্ধতি বিনোদ দুলু বৰাৰ তৎপৰতাত ৰংহাং কাৰ্বি গাঁৱত কাৰ্যক্ষম হৈছে তাক অনুকৰণ কৰি ৰাজ্যৰ আন-আন সংঘাত প্ৰৱণ অঞ্চললৈ ইয়াক প্ৰসাৰিত কৰাৰ প্ৰচেষ্টা চৰকাৰীভাবে বন বিভাগে শীঘ্ৰে হাতত লব* বুলি সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে উপস্থিত বন বিষয়া দুগৰাকীয়ে।
Bites: PCCF & CCF of Assam.
--------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
15-8-19Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.