ETV Bharat / state

ৰাজ্যত আৰম্ভ হ'ল বিদ্যালয় মহাবিদ্যালয়ৰ পাঠদান

author img

By

Published : Sep 6, 2021, 8:06 PM IST

দীৰ্ঘদিনৰ মূৰত ৰাজ্যত পুনৰ আৰম্ভ হ'ল বিদ্যালয় মহাবিদ্যালয়ৰ পাঠদান ৷ কৰ'ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিত ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা মানি আজিৰে পৰা শিক্ষানুষ্ঠানসমূহত পাঠদান কাৰ্যসূচী আৰম্ভ হৈছে ৷ বহুদিনৰ মূৰত শ্ৰেণীকোঠালৈ আহি উৎফুল্লিত হৈ পৰিছে শিক্ষক তথা ছাত্ৰ-ছাত্ৰী ৷

college reopens in assam
ৰাজ্যত আৰম্ভ হ'ল বিদ্যালয় মহাবিদ্যালয়ৰ পাঠদান

চামগুৰি, পাঠশালা, গুৱাহাটী , 6 ছেপ্তেম্বৰ : ৰাজ্যত কৰ'ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিত ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা মানি আজিৰে পৰা শিক্ষানুষ্ঠানসমূহত চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হৈছে ৷ দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজিৰ পৰা পুনৰ আৰম্ভ হল বিদ্যালয় মহাবিদ্যালয়ৰ পাঠদান । ছাত্ৰ ছাত্ৰীৰ কোলাহলত মুখৰিত হৈছে বিদ্যালয় মহাবিদ্যালয়সমূহৰ বাকৰি । চৰকাৰে বান্ধি দিয়া ক'ভিড নীতি নিৰ্দেশনা মানি মহানগৰীৰ শিক্ষানুষ্ঠান সমূহত আজিৰে পাঠদান আৰম্ভ হৈছে ।

college reopens in assam
মহানগৰীৰ শিক্ষানুষ্ঠান সমূহত আজিৰে পাঠদান আৰম্ভ হৈছে

ৰাজ্য চৰকাৰৰ SOP মানি পাঠদান আৰম্ভ হোৱাত ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বটদ্ৰৱাতো ঐতিহ্যমণ্ডিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত বহুদিনৰ পাছত শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয় প্ৰাংগনত ইজনে সিজনক লগ পাই উৎফুল্লিত হৈ পৰে । চৰকাৰৰ নিৰ্দেশনা মানি শ্ৰেণীকোঠাত ৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ে পাঠদান আৰম্ভ কৰে ৷

college reopens in assam
৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ে পাঠদান আৰম্ভ কৰে

উল্লেখ্য যে, ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছিল বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ । কিন্তু, স্বাস্থ্য মন্ত্ৰীৰ নতুন SOPএ দীৰ্ঘদিনৰ মূৰত এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ।

ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ পাচতে শিক্ষানগৰী পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজতো ক'ভিড নীতি নিয়ম পালন কৰি আৰম্ভ হৈছে পাঠদান । ছাত্ৰ-ছাত্ৰী সকলে মুখত মাস্ক পৰিধান কৰি শ্ৰেণী কোঠাত শিক্ষা গ্ৰহণ কৰে ৷ আনহাতে মহাবিদ্যালয়সমূহৰ শ্ৰেণী কোঠাসমূহ সম্পূৰ্ণ চেনিটাইজ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানখনে পাঠদান আৰম্ভ কৰিছে ।

college reopens in assam
পাঠশালাতো ক'ভিড নীতি নিয়ম পালন কৰি আৰম্ভ হৈছে পাঠদান

লগতে পঢ়ক : চৰকাৰে শিক্ষানুষ্ঠান খোলাৰ দিনাই কিয় প্ৰতিবাদ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.