ETV Bharat / state

উৎকট গৰমৰ পৰা সকাহ দিয়া এখন বজাৰ

author img

By

Published : Aug 27, 2019, 2:11 PM IST

বিভিন্ন শীতল পানীয়ৰ বিপৰীতে ৰাইজক সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰস্তুত শীতল পানীয় যোগান ধৰি আহিছে এখন বজাৰে ৷ ক'ত আছে এই বজাৰখন ?

গৰমত সকাহ দিয়া এখন বজাৰ

নগাঁও , 27 আগষ্টঃ উৎকট গৰমে দহিছে ৰাজ্যবাসীক৷ ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে শীতল পানীয়ৰ চাহিদা ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কোনোৱে যদি শীত তাপ নিয়ন্ত্ৰিত কক্ষৰ সহায় লৈছে কোনোৱে আকৌ শীতল পানীয় পান কৰি চেষ্টা অব্যাহত ৰাখিছে গৰমৰ পৰা ৰক্ষা পোৱাৰ ৷ বজাৰত উভৈনদী হৈ পৰিছে ৰং বিৰঙৰ শীতল পানীয়। কিন্তু বিভিন্ন শীতল পানীয়ৰ বিপৰীতে ৰাইজক সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰস্তুত শীতল পানীয় যোগান ধৰি আহিছে এখন বজাৰে৷

গৰমত সকাহ দিয়া এখন বজাৰ

নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ ঠেকেৰাগুৰিৰ এখন ডাবৰ বজাৰ৷ উৎকট গৰমত এই পথেৰে আহ যাহ কৰা বহুতেই নিজৰ বাহনখন ৰখাই এই স্থানত পান কৰে ডাবৰ পানী৷ আহতগুৰি পৰ্যন্ত সম্প্ৰসাৰিত এই ডাবৰ বজাৰখন মাত্ৰ কেইজনমান লোকে প্ৰায় 30 বছৰ পূৰ্বে আৰম্ভ কৰিছিল৷ 30 ৰ পৰা 35 টকা পৰ্যন্ত মূল্যত বিক্ৰী হয় প্ৰতিটো ডাব। ব্যৱসায়টোৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে কেবাশতাধিক লোক। জিলা দুইখনৰ বিভিন্ন গ্ৰামঞ্চলৰ পৰা ক্ৰয় কৰি পথৰ দাঁতিত এনেদৰে ডাব বিক্ৰী কৰি পৰিয়াল পোহপাল দি আছে বহুতে। ব্যৱসায়টোত জড়িত হৈ আছে একাংশ মহিলাও। কিন্তু এইসকল লোকে বহু সময়ত ভোগে নিৰপত্তাহীনতাত। কিয়নো চাৰিলেনযুক্ত পথৰ দাঁতিত বাহনৰ দ্ৰুত বেগত আতংকৰ মাজতে এওঁলোকে বিক্ৰী কৰি আহিছে ডাব। সেয়ে কোকাকোলা, পেপচি আদি বিভিন্ন কোম্পানীক প্ৰত্যাহ্বান জনাই ৰাজ্যৰ ভিতৰতে বিখ্যাত এই ঠেকেৰাগুৰি অঞ্চলত ডাব বিক্ৰী কৰা ব্যৱসায়ী সকলে অঞ্চলটোত বজাৰ গৃহ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ৷

Intro:জলবায়ুৰ পৰিৱৰ্তন আৰু বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাৰ বাবে সম্প্ৰতি বৃদ্ধি পাইছে উষ্ণতা। প্ৰচণ্ড গৰমত চাটি ফুটি আছে ৰাইজ। ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে শীতল পানীয়ৰ চাহিদা। অকণমান শীতল পানীয় পান কৰি দেশ শাত পেলাব বিচাৰিছে ৰাইজে। বজাৰত উভৈনদী হৈ পৰিছে ৰং বিৰঙৰ শীতল পানীয়। কিন্তু বিভিন্ন শীতল পানীয়ৰ বিপৰীতে ৰাইজক সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰস্তুত শীতল পানীয় যোগান ধৰি আহিছে এখন বজাৰে। কত আছে এই বজাৰখন চাওক আমাৰ এক বিশেষ প্ৰতিবেদন।

Body:হয়, কব খুজিছোঁ ৰাজ্যৰ বিখ্যাত ডাবৰ বজাৰখনৰ কথা। বজাৰ এইখন। নগাওঁ মৰিগাঁও জিলাৰ সীমান্তৰ ঠেকেৰাগুৰিৰ ডাবৰ এই বজাৰখন নিশ্চয় আপুনিও দেখিছে। উৎকট গৰমত এই পথেৰে আহ যাহ কৰা পবহুতেই নিজৰ বাহনখন ৰখাই এই স্থানত। পান কৰে ডাবৰ পানী। বর্তমান ৰাজ্যখনৰ ভিতৰতে বিখ্যাত এই ডাবৰ বজাৰখন আৰম্ভ হৈছিল প্ৰায় ৩০ বছৰ পূৰ্বেই। উৎকট গৰমত নানাৰঙী শীতল পানীয় পান কৰাৰ বিপৰীতে বহুতেই পান কৰে প্ৰাকৃতিকভাৱে প্ৰস্তুত এই ডাবৰ পানী। সম্প্ৰতি আহতগুৰি পৰ্য্যন্ত সম্প্ৰসাৰিত এই বজাৰখন ৩০ বছৰ পূৰ্বে আৰম্ভ কৰিছিল মাত্ৰ কেইজনমান লোকে। আহতগুৰি পৰ্য্যন্ত আছে শতাধিক ডাবৰ দোকান। ৩০ ৰ পৰা ৩৫ টকা পৰ্য্যন্ত মূল্যত বিক্ৰী হয় প্ৰতিটো ডাব। ব্যৱসায়টোৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে কেবাশতাধিক লোক। জিলা দুখনৰ বিভিন্ন গ্ৰামঞ্চলৰ পৰা ক্ৰয় কৰি পথৰ দাঁতিত এনেদৰে ডাব বিক্ৰী কৰি পৰিয়াল পোহ পাল দি আছে বহুতে। ব্যৱসায়টোত জড়িত হৈ আছে একাংশ মহিলাও। পুৱাৰ পৰা নিশা পৰ্য্যন্ত ডাব বিক্ৰী কৰি আহিছে পুৰুষ মহিলা সমানে।
bite

Conclusion:কুকাকোলা, পেপচি আদি বিভিন্ন কোম্পানীক প্ৰত্যাহ্বান জনাই ঠেকেৰাগুৰি, আহতগুৰি অঞ্চলৰ বহু লোকে জীৱিকাৰ তাড়নাত পথৰ দাঁতিত বিক্ৰী কৰি আহিছে ডাব। তীব্ৰ বেগত বাহন চলাচল কৰা চাৰিলেনযুক্ত পথৰ দাঁতিত ডাব বিক্ৰী কৰি অর্জন কৰি আহিছে জীৱিকা। থলুৱা শীতল পানীয় বিক্ৰী কৰি ৰাজ্যৰ অৰ্থনীতিললৈ বৰঙণি আগবঢ়োৱা এইসকল ডাব নাৰিকল বিক্ৰী কৰা এইসকল বহু সময়ত ভোগে নিৰপত্তাহীনতাত। বাহনৰ দ্ৰুত বেগত আতংকৰ মাজতে বিক্ৰী কৰি আহিছে ডাব। ৰাজ্যৰ ভিতৰতে বিখ্যাত এই ঠেকেৰাগুৰি অঞ্চলত বজাৰগৃহ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ব্যৱসায়ীয়ে।
bite
---------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২৬-৮-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.