ETV Bharat / state

কলীয়া গোঁসাই থানত সেৱা ল’লে মুখ্যমন্ত্ৰী সোণোৱালে - ৰহা মীন মহাবিদ্যালয়

বটদ্ৰৱাৰ কৰচোঙত "ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ" আঁচনিৰ অধীনৰ পুখুৰী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কৰচোঙৰ যুৱক সকলৰ আত্মসহায়ক গোটে প্ৰায় 20 টাকৈ পুখুৰীত মৎস্য পালনেৰে স্বাৱলম্বনৰ পথ বাচি লোৱাত আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

sarbananda sonowal
sarbananda sonowal
author img

By

Published : Aug 6, 2020, 10:29 PM IST

নগাঁও, 6 আগষ্ট : নগাঁৱৰ ধিঙত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ’’ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ’’ আঁচনি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তাৰ পাচতে কলীয়াগোঁসাই থানত উপস্থিত হৈ সেৱা ল’লে মুখ্যমন্ত্ৰীয়ে।

বটদ্ৰৱাৰ কৰচোঙত "ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ" আঁচনিৰ অধীনৰ পুখুৰী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কৰচোঙৰ যুৱক সকলৰ আত্মসহায়ক গোটে প্ৰায় 20 টাকৈ পুখুৰীত মৎস্য পালনেৰে স্বাৱলম্বনৰ পথ বাচি লোৱাত আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। আত্মসহায়ক গোটৰ যুৱকসকলৰ লগত কিছুসময় মীন বিভাগৰ চৰকাৰী সা-সুবিধাৰ বিষয়েও বাৰ্তালাপ কৰে সোণোৱালে ।

কলীয়া গোঁসাই থানত সেৱা ল’লে মুখ্যমন্ত্ৰী সোণোৱালে

তাৰপাচতেই কৰচোঙৰ কলীয়া গোঁসাই থান আৰু গৌৰীনাথ মন্দিৰত সেৱা লয় মুখ্যমন্ত্ৰী গৰাকীয়ে । অৱশ্যে ইয়াৰ আগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ধিঙত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰঞ্জিত মজুমদাৰৰ মাতৃ বিয়োগৰ খবৰ লয়। সমগ্ৰ কাৰ্যসূচীৰ পাচতেই ৰহা মীন মহাবিদ্যালয়লৈ ৰাওনা হয় মুখ্যমন্ত্ৰী গৰাকী ।

মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচীত সংগ দিয়ে বিধায়িকা আঙুৰলতা ডেকা, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসকে ধৰি নগাঁও জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে ।

লগতে পঢ়ক : বুলবুল খানৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ছাত্র মুক্তিৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.