ETV Bharat / state

ধিং আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - Dhing Police Station new building

অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত 1 কোটি 17 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা ধিং আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আনহাতে, উক্ত উদ্বোধনী সভাতে ধিং এক্সপ্ৰেছ হিমা দাসৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷

ধিং আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Nov 15, 2019, 11:15 PM IST

ধিং, 15 নৱেম্বৰঃ নগাঁও জিলাৰ ধিঙত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে ধিং আৰক্ষী থানাৰ নৱনিৰ্মিত অত্যাধুনিক ভৱন ৷ অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত 1 কোটি 17 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হয় আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো ৷

উল্লেখ্য যে, উক্ত ভৱনটোৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আৰক্ষী তথা জনসাধাৰণে যৌথভাৱে মিলি অপৰাধীক নিঃশেষ কৰি সমাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ় দিব লাগিব ৷ আনহাতে, উক্ত সভাতে ধিং এক্সপ্ৰেছ হিমা দাসৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷

ধিং আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা, নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস ৷ লগতে উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া ৷

Intro:নগাঁৱৰ ধিঙত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদ্বোধন কৰিলে ধিং আৰক্ষী থানাৰ নবনিৰ্মিত অত্যাধুনিক ভৱন ।
Body:নগাঁও জিলাৰ ধিঙত শুক্ৰবাৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ধিং আৰক্ষী থানাৰ নবনিৰ্মিত অত্যাধুনিক ভৱনৰ উদ্ধোধন কৰে । অসম চৰকাৰৰ মৈত্রী আচঁনিৰ অধীনত ১ কোটি ১৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত এই ভৱনটোৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত মূখ্যমন্ত্ৰী গৰাকীয়ে কয় আৰক্ষী আৰু জনসাধাৰণে যৌথ ভাবে মিলি অপৰাধীক নিঃশেষ কৰিব লাগিব । সমাজত শান্তি সম্প্ৰতি আৰু ভাতৃত্ববোধ বন্ধুত্ব গঢ় দিব লাগিব । অসম এতিয়া দোপত দোপে আগবাঢ়ি গৈছে । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দূৰ্নীতি ভ্ৰষ্টাচাৰ কাৰ্যাকাল ওৰ পৰিল বুলি কৈ সমালোচনা কৰে ।এই সভাতে ধিং এক্সপ্রেছ হিমা দাসৰ প্ৰসংগত প্ৰঞ্চমুখ হৈ পৰা পৰিলক্ষিত হয় ।এই সভাত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বটদ্ৰৱাৰ সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকা, নগাঁও সমষ্টিৰ বিধায়ক ৰুপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস । লগতে উপস্থিত থাকে আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়া ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.