বঢ়মপুৰ,19 মাৰ্চ: বঢ়মপুৰত বিদ্যালয়ৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ বিৰুদ্ধে ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থপন হৈছে ৷ কামপুৰ চাংচকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ভবানন্দ বৰাৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷ জানিব পৰা মতে, বাৰ্ষিক পৰীক্ষাৰ ফলাফলৰ বাবে হাতৰ কাম জমা দিবলৈ যোৱা এগৰাকী অষ্টম শ্ৰেনীৰ ছাত্ৰীক শিক্ষক নথকা অৱস্থাত কৰ্মচাৰী ভবানন্দ বৰাই ছাত্ৰী গৰাকীক অশালীন ব্যৱহাৰ কৰে ৷ তাৰ পাচতে ছাত্ৰী গৰাকীয়ে পৰিয়ালৰ লোকক সমগ্ৰ ঘটনা বিৱৰি কোৱাৰ পাচত প্ৰধান শিক্ষকক অৱগত কৰাইছিল যদিও কোনো গুৰুত্ব নিদিলে ৷
অৱশেষত পৰিয়ালৰ লোকে স্থানীয় ৰাইজ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰে ৷ সভাত ভবানন্দ বৰাক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ উৰ্দ্ধতম কৰ্তৃপক্ষলৈ প্ৰস্তাৱ প্ৰেৰণ কৰে ৷ ইফালে ৰাজহুৱা সভাতে আন কেইবাগৰাকী ছাত্ৰীকো চকীদাৰ ভবানন্দ বৰাই অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৷ অভিযোগ উত্থাপন কৰাৰ পাচতে প্ৰধান শিক্ষক গৰাকীয়ে চকীদাৰ জনক সভালৈ মাতে যদিও পলাই ফুৰে চকীদাৰ জনে ৷
লগতে পঢ়ক: চেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে