ETV Bharat / state

অখিল গগৈক মুক্তিৰ দাবী কণ কণ প্ৰতিযোগীৰ

author img

By

Published : May 10, 2020, 8:53 PM IST

প্ৰতিকৃতি অংকন কৰি শিশু প্ৰতিযোগীয়ে জনালে কৃষক নেতা অখিল গগৈসহ তেওঁৰ সহযোগী সকলৰ মুক্তিৰ দাবী । ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা শাখাই, হোৱাট্ছ এপযোগে অনুষ্ঠিত কৰিছিল এই প্ৰতিযোগিতা ।

Children Demands to Free Akhil Gogoi
Children Demands to Free Akhil Gogoi

কলিয়াবৰ, 10 মে': কাৰাবন্দী অখিল গগৈৰ প্ৰতিকৃতি অংকন কৰি শিশু প্ৰতিযোগীয়ে জনালে অখিল গগৈৰ মুক্তিৰ দাবী । মহামাৰী প্ৰাদুৰ্ভৱৰ এই জটিল সন্ধিক্ষণত অখিল গগৈ, নেলচন মেণ্ডেলা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিকৃতি অংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা শাখাই । ঠিক প্ৰতিযোগিতা নহয়, শিশুসকলক অকণমান সময় ব্যস্ত ৰাখি ভাল চিন্তা ভাল কামৰ লক্ষ্যৰে গৃহবন্দীৰ অস্থিৰতাৰ মাজত কিছু সুস্থিৰতা প্ৰদানৰ অৰ্থে আয়োজন কৰিছিল এক প্ৰতিকৃতি অংকন প্ৰতিযোগিতা ।

অখিল গগৈক মুক্তিৰ দাবী কণ কণ প্ৰতিযোগীৰ

পঞ্চম শ্ৰেণীৰ পৰা উৰ্ধৰ প্ৰতিযোগীৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিযোগাগিতা যোৱা ১৩ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ হোৱাট্ছ এপযোগে অনুষ্ঠিত হৈছিল । য'ত অংশগ্ৰহণ কৰিছিল 37 গৰাকী প্ৰতিযোগীয়ে । উল্লেখ্য যে, এই প্ৰতিযোগীসকলে অংশগ্ৰহণৰ জৰিয়তে, ৰজাঘৰৰ প্ৰতি এক আহ্বান জনালে অখিল গগৈসহ তেওঁৰ সহযোগী সকলক মুক্তিৰ বাবে । প্ৰতিকৃতি অংকন প্ৰতিযোগিতাত শ্ৰেষ্ঠ দহ গৰাকী চিত্ৰকৰলৈ সন্মান জনোৱাৰ দিহা কৰিছিল ভাৰতীয় গণনাট্য সংঘ নগাঁও জিলা সমিতিয়ে । অহা ২০ জুনত ৰাভা দিৱসৰ অনুষ্ঠানত মুঠ দহগৰাকী শ্ৰেষ্ঠ শিল্পীক এহেজাৰ টকাকৈ নগদ ধনৰে পুৰস্কাৰ প্ৰদান কৰা হ'ব ।

লগতে পঢ়কঃ "নিজৰ ঘৰখনৰ নিচিনা আন একো ঠাই হ'ব নোৱাৰে" ঘৰ মুৱা জুবিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.