ETV Bharat / state

অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ চেক প্ৰদান বিধায়ক জিতু গোস্বামীৰ - অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি

নগাঁৱৰ পুৰণিগুদামত অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ চেক প্ৰদান ৷ চামগুৰিৰ বাজিয়া উন্নয়ন খণ্ডৰ অধীনৰ ২০৪২ গৰাকী হিতাধিকাৰীৰ ভিতৰত প্ৰথম পৰ্যায়ৰ ৩১৫ গৰাকীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় এই চেক (Microfinance Cheque distribute by MLA Jitu Goswami)।

Cheque distribution under microfinance Incentive and Relief Scheme in Nagaon
অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ চেক প্ৰদান বিধায়ক জিতু গোস্বামীৰ
author img

By

Published : Apr 10, 2022, 10:38 PM IST

চামগুৰি, 10 এপ্ৰিল : কোলাত শিশু লৈ পুৰণিগুদামত দীঘলীয়া শাৰী পাতিলে একাংশ মহিলাই । কেৱল শাৰী পতাই নহয়, কোলত শিশুটি লৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি নিজৰ পাল পৰালৈ অপেক্ষা কৰিলে মহিলা সকলে। পিছে, ঘৰৰ আন কাম এৰি এইদৰে নগাঁও জিলাৰ পুৰণিগুদামৰ এটা ৰাজহুৱা প্ৰেক্ষাগৃহৰ সন্মূখত শাৰী পতা মহিলাসকল আজি উৎফুল্লিত হৈ পৰিছে ৷

অসম মাইক্ৰফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ চেক প্ৰদান বিধায়ক জিতু গোস্বামীৰ

ইয়াৰ কাৰণ, ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি দেওবাৰে মহিলাসকলক প্ৰদান কৰা হ'ল মাইক্ৰ'ফাইনেঞ্চৰ চেক ৷ ক'ভিডসৃষ্ট পৰিস্থিতিৰ মাজত মাইক্ৰ'ফাইনেঞ্চৰ ঋণ পৰিশোধৰ ক্ষেত্ৰত মহিলাসকলে সন্মূখীন হোৱা চৰম দুৰ্দশাগ্ৰস্ত পৰিস্থিতিৰ পৰা চৰকাৰে মহিলাসকলক 'অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি'ৰ জৰিয়তে প্ৰদান কৰে এই আৰ্থিক সাহাৰ্য্য ।

'অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি'ৰ (Assam Microfinance Incentive and Relief Scheme ) এই চেকসমূহ বিতৰণ কৰে বিধায়ক জিতু গোস্বামীয়ে (Cheque distribution under microfinance Incentive and Relief Scheme ) ।

চামগুৰিৰ বাজিয়া উন্নয়ন খণ্ডৰ অধীনৰ ২০৪২ গৰাকী হিতাধিকাৰীৰ ভিতৰত প্ৰথম পৰ্যায়ৰ ৩১৫ গৰাকীক আনুষ্ঠানিকভাৱে প্ৰদান কৰে এই সাহাৰ্য্য । ইফালে বাকী থকা হিতাধিকাৰীসকলক বাজিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত চেক প্ৰদানৰ ব্যৱস্থা কৰা হয় ।

কংগ্ৰেছী সকলৰ অত্যাধিক তুচ্ছ-তাচ্ছিল্যৰ পিছতো বিধায়ক ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিত কংগ্ৰেছী নেতা-কৰ্মী-সমৰ্থক সকলৰ চকুৰ সন্মূখতে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰি এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বুলি মন্তব্য কৰে বিজেপিৰ একাংশ স্থানীয় নেতা-কৰ্মীয়ে ৷

লগতে পঢ়ক : তেজপুৰত বিহু কমিটিৰ চেক প্ৰদান অনুষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.