জুৰীয়া, 29 এপ্ৰিলঃ প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি ৷ কিন্তু এই প্ৰেমত কালিমা সানিলে ভণ্ড প্ৰেমিকে ৷ জুৰীয়াত এনে এক চাঞ্চল্যৰ ঘটনা ৷ প্ৰেমৰ নামত প্ৰতাৰণা ভণ্ড প্ৰেমিকৰ ৷ প্ৰেমিকাৰ অশ্লীল ফটো ভাইৰেল কৰিলে ছ’চিয়েল মিডিয়াত । ইয়াৰ পিচতেই প্ৰেমিকৰ বিৰুদ্ধে এজাহাৰ প্ৰেমিকাৰ ।
কিন্তু এজাহাৰ দিয়াৰ কথা জানিব পাৰিয়ে প্ৰেমিকাক আক্ৰমণ ভণ্ড প্ৰেমীক মুচকুৰ আহমেদৰ । প্ৰেমিকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় প্ৰেমিকা । সম্প্ৰতি পলাতক অভিযুক্ত ভণ্ড প্ৰেমিক মুচকুৰ আহমেদ ৷
![ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-jra-801-29-aprl-cheat-in-love-uttam-bora_29042019154154_2904f_1556532714_3.jpg)