ETV Bharat / state

SI Junmoni Rabha death : লীনা দলেৰ পূৰ্বৰ নিৰাপত্তাৰক্ষীক জেৰা CBI ৰ

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 3:19 PM IST

পুনৰ নগাঁও আৱৰ্ত ভৱনত চি বি আইৰ এটা দল। নগাঁও আৰক্ষীৰ কেইবাগৰাকী আৰক্ষী জোৱানক জেৰা চি বি আইৰ । পূৰ্বৰ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নিৰাপত্তাৰক্ষীক জেৰা চলাইছে CBI ৰ দলে । ইতিমধ্যেই এটা গোচৰৰ অভিযোগনামা দাখিল কৰিছে CBI য়ে ।

SI Junmoni Rabha death
পুনৰ নগাঁও আৱৰ্ত ভৱনত চি বি আইৰ এটা দল

নগাঁও, 25 আগষ্ট : এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্য ভেদ কৰিবলৈ অসমত বাহৰপাতি অনুসন্ধান অব্যাহত ৰখিছে চি বি আইৰ দলে ৷ ইতিমধ্যে চি বি আইৰ দলে দাখিল কৰিছে এটা গোচৰৰ অভিযোগনামা । জোনমণি ৰাভাৰ মৃত্যুৰ লগতে সাঙোৰ খোৱা মুঠ চাৰিটাকৈ গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছিল চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত চি বি আইৰ দলে ।

চি বি আইৰ তদন্তৰ প্ৰতিবেদনক লৈ ৰাজ্যজুৰি উৎকণ্ঠাই বিৰাজ কৰাৰ মাজতে শুক্ৰবাৰে পুনৰ নগাঁৱত উপস্থিত হয় চি বি আইৰ এটা দল । শুক্ৰবাৰে নগাঁও আৱৰ্ত ভৱনত উপস্থিত থকা চি বি আইৰ দলটোৱে জেৰা চলায় নগাঁৱৰ কেইবাগৰাকী আৰক্ষী জোৱানক ।

নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নগাঁৱৰ নিৰাপত্তাৰক্ষীক জেৰা চলায় চি বি আইৰ দলে । এছ আই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই পৰিছিল সেই সময়ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে । আনকি এছ জোনমণি ৰাভাৰ মাতৃয়ে জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰা এজাহাৰতো উল্লেখ আছিল বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক তথা পূৰ্বৰ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নাম ।

আৰক্ষী অধীক্ষক লীনা দলেক চি বি আইয়ে জেৰা কৰা নকৰা প্ৰসংগও ব্যাপক চৰ্চা লাভ কৰিছিল ৰাজ্যজুৰি । ইয়াৰ মাজতে শুক্ৰবাৰে লীনা দলেৰ পূৰ্বৰ নিৰাপত্তাৰক্ষীক জেৰা চলাইছে চি বি আইয়ে ।

উল্লেখযোগ্য যে, বিগত 15 মে’ৰ নিশা এক দুৰ্ঘটনাত মৃত্যু হোৱা অৱস্থাত গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছিল এছ আই জোনমণি ৰাভাৰ মৃতদেহ । যাক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল ৰহস্যৰ । এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই পোহৰলৈ আহিছিল নকল সোণ আৰু জালনোট সৰবৰাহ আৰু আৰক্ষীৰ ৰহস্যজনক ভূমিকাৰ তথ্য ।

লগতে পঢ়ক : SI Junmoni Rabha death: চলিয়েই আছে জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.